তিনিচুকীয়াৰ ক্ৰুড অইল চুৰি চক্ৰত আৰক্ষী, সাংবাদিকৰ পৰা দল-সংগঠনৰ নেতালৈ...

ক্ৰুড অইল চুৰি চক্ৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীৰ বৃহৎ অভিযান। সাংবাদিকসহ তিনি তেলচোৰ আটক। আৰক্ষীয়ে প্ৰস্তুত কৰিছে তেলচোৰৰ দীঘলীয়া তালিকা। তেলচুৰিত জড়িত কাকো ৰেহাই দিয়া নহ'ব: সংবাদমেলত তিনিচুকীয়া আৰক্ষী

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াৰ ক্ৰুড অইল চুৰি চক্ৰত আৰক্ষী, সাংবাদিকৰ পৰা দল-সংগঠনৰ নেতালৈ...

ডিজিটেল সংবাদ, তিনিচুকীয়া : যোৱা ২৬ মে' তাৰিখে তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত লাংকাচিত অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপ ফুটাই ক্ৰুড অইল আহৰণ কৰি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছিল এন এল ০২ কে ৭৬১৮ নম্বৰৰ টেংকাৰখন। এই টেংকাৰখনত কেন্দ্ৰ কৰি তেলচুৰি চক্ৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে চলোৱা অভিযানত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

সুদীৰ্ঘ দিন ধৰি জিলাখনত অব্যাহত থকা তেলচুৰি কাৰ্যত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অইলৰ নিৰাপত্তাৰক্ষীৰ পৰা আৰক্ষী, সাংবাদিক তথা দল-সংগঠনৰ নেতালৈ জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে তেলচোৰৰ এক দীঘলীয়া তালিকা প্ৰস্তুত কৰি অভিযান অব্যাহত ৰাখিছে আৰু বৰ্তমানলৈ তিনি তেলচোৰক গ্ৰেপ্তাৰ কৰিছে। অন্যান্যসকলকো অচিৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি সোমবাৰে তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অপৰাধ শাখাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক মইনুল ইছলামে সদৰি কৰে।

আৰক্ষীৰ জালত পৰা তিনি তেলচোৰ হ'ল লাংকাচিৰ বীৰবল গোহাঁই, জাণ্টু মৰাণ আৰু আনজন তিনিচুকীয়াৰ অমৃত গগৈ। উল্লেখ্য যে, ধৃত অমৃত গগৈ ৰাজ্যখনৰ এটা বৈদ্যুতিক সংবাদ প্ৰতিষ্ঠানৰ তিনিচুকীয়াৰ সাংবাদিক। পূৰ্বেই তেওঁ কেইবাটাও চেটেলাইট চেনেল আৰু ৱেব প'ৰ্টেলত ফটো সাংবাদিক আৰু সংবাদদাতা হিচাপে কৰ্তব্য কৰিছিল। গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত এই তেল চুৰি চক্ৰটোৱে তিনিচুকীয়াত এগৰাকী মধ্যস্থতাকাৰী নিয়োগ কৰিছিল আৰু সেই মধ্যস্থতাকাৰীগৰাকীয়ে আৰক্ষী, সাংবাদিক, দল-সংগঠনৰ নেতা আদি প্ৰভাৱশালী চক্ৰক মেনেজ কৰিবলৈ তথাকথিত সাংবাদিক অমৃত গগৈক দায়িত্ব ন্যস্ত কৰিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে ।

চক্ৰটোৰ অন্যান্যসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত অমৃত গগৈৰ স্থিতি সম্পৰ্কে আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি সংবাদমেলত আৰক্ষী বিষয়াজনে কয় । অন্যহাতে ধৃত বীৰবল গোহাঁইয়ে অইলৰ নিৰাপত্তাৰক্ষীক মেনেজৰ দায়িত্ব পালন কৰাৰ লগতে তেলচুৰিৰ অভিযান সফল কৰি তুলিবলৈ অৰ্থাৎ তেল পৰিবাহী পাইপ ফুটুৱা, টেংকাৰত তেল ভৰ্তি কৰা, পহৰা দিয়া আদি কামত স্থানীয় যুৱকক নিয়োগৰ দায়িত্ব পালন কৰিছিল। মুঠ তিনিটা স্তৰত চলি থকা এই তেলচুৰি চক্ৰত বহুলোক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত থকা বিষয়টো পোহৰলৈ আহিছে।

স্থানীয়ভাৱে তেলচুৰি জড়িতসকলে প্ৰতি লিটাৰত ছয় টকা আৰু মধ্যস্ততাকাৰীয়ে দুটকা লাভ কৰে। টেংকাৰ আৰু বিভিন্ন পক্ষক মেনেজ কৰিবলৈ অৰ্থৰ যোগান ধৰা গুৱাহাটীৰ চক্ৰটোৱে বিশ টকা দৰত ক্ৰুড অইল বিভিন্ন প্ৰতিষ্ঠানত বিক্ৰী কৰি প্ৰতি লিটাৰত ১২ টকা লাভ কৰে । আনহাতে এখন টেংকাৰত ২৪,০০০ লিটাৰ তেল সৰবৰাহ কৰিব পাৰি । সেই হিচাপত চক্ৰটোৱে প্ৰতিখন টেংকাৰত লাখ লাখ টকা উপাৰ্জন কৰি অহা বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে ।

তেলচুৰি চক্ৰটোৰ বিৰুদ্ধে গুৱাহাটীতো আৰক্ষীৰ অভিযান চলিছে যদিও চুৰিচক্ৰই আত্মগোপন কৰাত আটক কৰিব পৰা নাই । চক্ৰটোত জড়িত প্ৰতিজন অপৰাধীক পৰ্যায়ক্ৰমে গ্ৰেপ্তাৰ কৰা হ'ব বুলি সদৰি কৰি চক্ৰটোত আৰক্ষীৰ পৰা সাংবাদিক, দল-সংগঠনৰ নেতা, অইলৰ নিৰাপত্তাৰক্ষী আদি জড়িত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে, তিনিচুকীয়া জিলাত সুদীৰ্ঘ দিন ধৰি তেল চুৰি কাৰ্য অব্যাহত আছে । এই কাৰ্যত কেইবাটাও চক্ৰ জড়িত আছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ।

ৰাজ্যখনৰ লগতে চুবুৰীয়া বিভিন্ন ৰাজ্যলৈ এই চুৰি ক্ৰুড অইল ৰপ্তানি কৰা হয়। মুখ্যত চাহ বাগিচাৰ কাৰখানাৰ ব্ৰয়লাৰ চলাবলৈ আৰু পকীপথ নিৰ্মাণ কৰিবলৈ ক্ৰুড অইল ব্যৱহাৰ কৰা হয় । চুৰি তেল ক্ৰয় কৰা প্ৰতিষ্ঠানসমূহৰ লগতে তেল চুৰি চক্ৰত জড়িত হৈ ঘটা বিশাল সম্পত্তিৰ ওপৰতো আৰক্ষীৰ তদন্তৰ আওতালৈ আহিব বুলি আজিৰ সংবাদমেলত আৰক্ষী বিষয়াজনে উল্লেখ কৰে যদিও আৰক্ষীৰ তদন্ত কিমানদূৰ সফল কিম্বা নিছিদ্ৰ হ'ব সেয়া সময়েহে ক'ব । ইফালে ধৃত তিনি তেলচোৰক আৰক্ষীৰ দুদিনৰ জিম্মাত অনা বুলি জানিবলৈ দিয়ে ।

Also Read: বাটৰ নাট প্ৰদৰ্শনেৰে নগাঁও ইন্টাৰনেছনেল স্কুলৰ বিশ্ব পৰিৱেশ দিৱস পালন...

Assam police