ডিজিটেল সংবাদ, তিনিচুকীয়া : সৰ্বসাধাৰণক বিলাসী বাহনৰ মোহ দেখুৱাই উপহাৰ কুপনৰ নামত লাখ লাখ টকা লুণ্ঠন চলোৱা তিনিচুকীয়াৰ বহুচৰ্চিত লটাৰী কাণ্ডৰ প্ৰৱঞ্চকৰ দলটোৰ অন্যতম দুই কাণ্ডাৰী তথা স্বয়ম্ভু সাংবাদিক সন্তোষ ফুকন আৰু সৌৰভ চৌধুৰীক দেওবাৰে আৰক্ষীয়ে আদালতত হাজিৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে।
ইতিমধ্যে আৰক্ষীৰ জালত পৰা অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত এই দুই সাংবাদিকক শনিবাৰে আৰক্ষীয়ে আটক কৰিছিল। অভিযুক্ত সাংবাদিক ক্ৰমে সন্তুোষ ফুকন আৰু সৌৰভ চৌধুৰী দুটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক। জিলা প্ৰশাসনৰ অনুমতি নথকা লটাৰী খেলখন অনুষ্ঠিত কৰাৰ বিপৰীতে সাংবাদিকক মেনেজ কৰিবলৈ আয়োজক সমিতিৰ পৰা সন্তোষ ফুকনে ১ লাখ আৰু সৌৰভ চৌধুৰীয়ে ৩ লাখ ৭০ হাজাৰ টকা উৎকোচ লোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।
তদুপৰি সৌৰভ চৌধুৰীৰে কমিচনৰ বিনিময়ত কেইবা লাখ টকাৰ লটাৰী টিকট বিক্ৰী কৰি প্ৰৱঞ্চকৰ দলটোক সহায়ৰ হাত আগবঢ়াইছিল। স্মৰ্তব্য যে, বিতৰ্কিত লটাৰী খেলখনৰ বিপৰীতে তিনিচুকীয়া সদৰ থানাত ৰুজু হোৱা ৩৭৯/২০২৩ নং গোচৰত ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে প্ৰৱঞ্চক দলটোৰ মুঠ ৮ গৰাকীক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে। ইপিনে দলটোৰ মূল মাষ্টাৰমাইণ্ড শিৱসাগৰ জিলাৰ বকতা নাথ গাঁৱৰ ভাস্কৰ নাথ আৰু খেলখনৰ অন্যতম বিচাৰক তথা বিজেপি নেতা শৰৎ চাংমাইক এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
এই দুই পলাতকক বিচাৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি লটাৰী খেলখনত পুৰস্কাৰ হিচাপে প্ৰদৰ্শন কৰা থাৰ আৰু হায়াৰ বিলাসী বাহন দুখন ভাস্কৰ নাথৰ লগত আছে। ইফালে তেলচুৰি কাণ্ডৰ পৰা লটাৰী কাণ্ডলৈ তিনিচুকীয়াৰ ইজনৰ পিছত সিজন সাংবাদিক আৰক্ষীৰ জালত পৰাত জিলাখনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংবাদিকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ ব্লেকমেইলিঙেৰে ধন ঘটি পবিত্ৰ বৃত্তিটোক কলুষিত কৰা এইচাম সাংবাদিকৰূপী দালালক সমাজচ্যুত কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।
Also Read: ফটো এডিটিং কৰি গড়কপ্তানি বিভাগৰ পৰা ঠিকাদাৰে আদায় কৰিলে ৩৩ লাখ টকাৰ বিল...