চাহ জনগোষ্ঠীক জনজাতিকৰণ, ভূমিপট্টা, প্ৰস্তাৱিত মজুৰি প্ৰদানৰ দাবীত শ্ৰমমন্ত্ৰীৰ গৃহ বাগিচাত প্ৰতিবাদ

চাহ জনগোষ্ঠীক জনজাতিকৰণ, ভূমিপট্টা, প্ৰস্তাৱিত মজুৰি প্ৰদানৰ দাবীত শ্ৰমমন্ত্ৰীৰ গৃহ বাগিচাত প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে চাহ শ্রমিকক প্ৰস্তাৱিত ৩৫১ টকা দৈনিক মজুৰি আৰু ভূমিপট্টা প্ৰদান কৰাৰ দাবীত শুকুৰবাৰে ৰাজ্যৰ শ্রমমন্ত্ৰী সঞ্জয় কিষাণৰ জন্মস্থান ধেলাখাট চাহ বাগিছাৰ হাজাৰ হাজাৰ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। প্ৰতিবাদৰ কালচোৱাত উত্তেজিত শ্রমিকসকলে শ্রমমন্ত্ৰী মুৰ্দাবাদ, মুখ্যমন্ত্রী মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, চাহ শ্রমিকক প্রস্তাৱিত ৩৫১ টকা মজুৰি, মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক আদি বিভিন্ন শ্ল'গানেৰে ধেলাখাট চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয় সমুখ উত্তপ্ত কৰি তোলে ।

বিজেপি চৰকাৰৰ শ্রমিকবিৰোধী নীতিৰ বিৰুদ্ধে ৰূপায়ন কৰা এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ অন্তত শ্রমিকসকলে বাগিচা পৰিচালকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী আৰু শ্রমমন্ত্ৰীলৈ দাবীসম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজু চাহুৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি কয় যে- শ্রমিকদৰদী চৰকাৰ বিজেপিৰ শাসনত ধেলাখাট চাহ বাগিছাৰ লগতে অসমৰ বিভিন্ন চাহ বাগিছাৰ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে মাৰবান্ধি ওলাই আহিবলৈ বাধ্য হোৱাটো অতি দুৰ্ভাগ্যজনক । যোৱাটো লোকসভা নিৰ্বাচনত শাসকীয় দলটোৰ তদানীন্তন মিথ্যাচাৰী শ্ৰমমন্ত্ৰী পল্লৱলোচন দাসে চাহ শ্রমিকক দৈনিক মজুৰি ৩৫১ টকা দিয়াৰ ব্যৱস্থা কৰাৰ ব্যাপক প্ৰচাৰ চলোৱাৰ লগতে প্ৰতিশ্রুতি প্ৰদান কৰিছিল যদিও আজি ৯ বছৰে চাহ শ্রমিকে ৩৫১ টকা মজুৰি লাভ নকৰিলে ।

শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিবলৈ অপাৰগ হোৱা বিজেপি দল তথা চৰকাৰ এতিয়া সম্পূর্ণ ব্যর্থ বুলি একেষাৰে ক'ব পাৰি । তাতোকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মন্ত্ৰীসভা, বিধানসভা আৰু ৰাজ্যসভাত চাহ জনগোষ্ঠীক প্ৰতিনিদধিত্ব কৰা বহুকেইগৰাকী জন-প্ৰতিনিধি আছে যদিও এইসকলে নিজৰ চিন্তা কৰোতে চাহ শ্রমিকৰ কথা পাহৰি পেলাইছে । তেখেতলোকৰ বৰ্তমানত চ‍াহ শ্রমিকে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হোৱাটো বেদনাদায়ক বুলি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে । তেওঁ লগতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণকো চোকা সমালোচনা কৰি মন্ত্ৰীজনাৰ নিজা গৃহভূমি তথা জন্মস্থান ধেলাখাট চাহ বাগিছাৰ হেজাৰ হেজাৰ শ্ৰমিকে নিজৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ বাধ্য হোৱাটো চূড়ান্ত লজ্জাজনক কথা বুলি মন্তব্য কৰি অনতিবিলম্বে চাহ শ্রমিকৰ স্বাৰ্থৎ অসম চাহ মজদুৰ সংঘৰ ১৬ দফীয়া দাবী কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰক দাবী জনায় ।

চাহ জনগোষ্ঠীক জনজাতিকৰণ, ভূমিপট্টা, প্ৰস্তাৱিত মজুৰি প্ৰদানৰ দাবীত শ্ৰমমন্ত্ৰীৰ গৃহ বাগিচাত প্ৰতিবাদ
সাদিন গোষ্ঠীৰ কাৰ্যালয়ত কিশোৰ ভট্টাচাৰ্যই জয়ন্ত বৰুৱাক প্ৰদান কৰিলে "জীৱন অন্য জীৱন"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in