তিতাবৰৰ যোৰহাট ডায়েটত স্বচ্ছতাই সেৱা শীৰ্ষক অভিযানৰ সফল সামৰণি...

তিতাবৰৰ যোৰহাট ডায়েটত স্বচ্ছতাই সেৱা শীৰ্ষক অভিযানৰ সফল সামৰণি...

author-image
Dimpul Borgohain
New Update
তিতাবৰৰ যোৰহাট ডায়েটত স্বচ্ছতাই সেৱা শীৰ্ষক অভিযানৰ সফল সামৰণি...

ডিজিটেল সংবাদ বেকাজানঃ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাট তিতাবৰৰ নেতৃত্বত ভাৰতৰ প্রতিৰক্ষিত আৰু পৰিষ্কাৰ ব্যৱস্থা গঢ়ি তোলাৰ স্বাৰ্থত ভাৰত চৰকাৰৰ উদ্যোগত আৰম্ভ হোৱা “ স্বচ্ছতাই সেৱা ২০২৪” শীৰ্ষক অভিযানৰ বুধবাৰে সামৰণি পৰে ।

গান্ধীজীৰ জন্মদিনৰ পবিত্ৰ ক্ষণত এই অভিযানৰ সফল সামৰণি উপলক্ষে ডায়েট যোৰহাটৰ সমূহীয়া প্ৰচেষ্টাত তিতাবৰ ৰে’ল ষ্টেচনৰ সমীপত স্বচ্ছতা অভিযান চলোৱা হয় । এই অভিযানত ৰেল ষ্টেচনৰ অধিকৰ্তাৰ লগতে চাফাই কৰ্মচাৰী সকলেও সহযোগিতা আগবঢ়াই । পুৱা পৰাই ডায়েট

যোৰহাটৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ বিষয়া তথা প্ৰবক্তা সুমিত কুমাৰ থাপা নেতৃত্বত , প্ৰবক্তা বিকাশ পেগু প্ৰমুখ্য কৰি বি.এড , ডি.এল.এড দুয়ো পাঠ্যক্ৰমৰ ২৬ জন সক্ৰিয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সেৱক সেৱিকাৰ লগতে জেষ্ঠ প্ৰশিক্ষাৰ্থী সকলৰ উপস্থিতিত ৰেল ষ্টেচনৰ পৰা চফাই অভিযান চলে । দিনটোৰ শেষত তিতাবৰ নগৰ অঞ্চলৰ বিভিন্ন ৰাজহুৱা স্থানত চাফাই কৰি সৰ্বমুঠ ৭০ কেজি ওজনৰ প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰি উপযুক্ত নিষ্কাশনৰ বাবে পৌৰ সভাক গতোৱা হয় ।

তিতাবৰ