ভংগ হ'ল তিতাবৰ পৌৰসভা, পুনৰ কংগ্ৰেছৰ দখলত...

ভংগ হ'ল তিতাবৰ পৌৰসভা, পুনৰ কংগ্ৰেছৰ দখলত...

author-image
Asomiya Pratidin
New Update
ভংগ হ'ল তিতাবৰ পৌৰসভা, পুনৰ কংগ্ৰেছৰ দখলত...

ডিজিটেল সংবাদ বেকাজানঃ চৰকাৰে পৌৰসভাৰ ভংগৰ বাবে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব বুলি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও দুবছৰ ধৰি  পৌৰপতি কেন্দ্ৰিক সংঘাতত জৰ্জৰিত হৈ তিতাবৰ পৌৰসভাত পৌৰপতি সলনি হোৱাতো এক প্ৰকাৰ খাটাং হয় কিয়নো শাসকীয় বিজেপিৰ দশলত থকা পৌৰসভা খনৰ পৌৰপতি ৰূপা দত্ত শইকীয়াৰ বিৰুদ্ধে নিজ দলৰ পৌৰ সদস্যসকলে কৰি অহা বিদ্রোহৰ পৰিণতিত আজি অনুষ্ঠিত হোৱা অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হয় পৌৰপতি গৰাকী।

দুবছৰত তিনিবাৰ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হোৱা পৌৰপতি গৰাকীয়ে আজি নিজৰ সমৰ্থনত দুটা ভোট লাভ কৰাৰ বিপৰীতে শাসক বিৰোধীৰ আঠটা ভোট অনাস্থা প্ৰস্তাৱৰ সপক্ষে পৰে। উল্লেখযোগ্য যে দহখন আসন  বিশিষ্ট পৌৰসভাখনত বিজেপিৰ ৬ গৰাকী পৌৰ সদস্য থকাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ দলৰ চাৰি গৰাকী সদস্য আছে।তিনিবাৰকৈ পৌৰপতিৰ বিৰুদ্ধে শাসকীয় দলৰ সদস্য সকলে  অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও দলৰ শীৰ্ষ নেতৃত্বৰ বুজনীত সেইয়া বাতিল হৈ আহিছিল।

এইবাৰ উপ পৌৰপতি ডম্বৰুধৰ শইকীয়াৰ নেতৃত্বত শাসকীয় দলৰ ছয়গৰাকী সদস্যৰ চাৰি গৰাকীয়ে পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে।দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই পৌৰপতি ৰূপা দত্ত শইকীয়া সহ ক্ষুব্ধ সদস্য সকলক গুৱাহাটীলৈ তলব কৰি আলোচনাত মিলিত হোৱাৰ পাছত পৌৰপতিক পদত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।যোৱা এক সপ্তাহ ধৰি পৌৰপতি গৰাকীয়ে পদত্যাগ নকৰাত আজি ক্ষুব্ধ সদস্য সকলে সভা অনুষ্ঠিত কৰি অনাস্থা প্ৰস্তাৱ কাৰ্যকৰী কৰে। অন্যহাতে সদস্য সকলে  4 নং ৱাৰ্ডৰ শাসকীয় দলৰ সদস্য ৰশ্মি ভট্টাচাৰ্যক নতুন সদস্য ৰূপে নিৰ্বাচিত কৰাৰ লগতে বৰ্তমানৰ উপ পৌৰপতি ডম্বৰুধৰ শইকীয়াক উপ পৌৰ পতি ৰূপে নিৰ্বাচিত কৰে। 

বিয়লি অনুষ্ঠিত এনে সভাৰ পাছত  দীৰ্ঘদিন ধৰি অস্থিৰ হৈ থকা পৌৰ সভাখন সুস্থিৰ হৱ বুলি ধাৰণা কৰা হৈছিল যদিও সন্ধিয়া  নাটকীয় পৰিবৰ্তনৰ দিশে গতি কৰিছে পৌৰ সভা খনৰ ভৱিষ্যত। দীৰ্ঘদিন ধৰি পৌৰ পতিৰ সমৰ্থনত অৱস্থান কৰি অহা  ২ নং ৱাৰ্ড শাসকীয় দলৰ সদস্য অনন্ত কছাৰীয়ে সন্ধিয়া দলৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দলৰ শীৰ্ষ নেতৃত্বক পদত্যাগ পত্ৰ প্ৰেৰণ কৰা কছাৰীয়ে পৌৰপতি সলনিৰ বিৰোধিতা কৰি অহাই নহয় উপ পৌৰপতি সলনি হব লাগিব বুলি দাবী জনায় আহিছিল।  ৱাৰ্ড কমিছনাৰ গৰাকীৰ পদত্যাগৰ ফলৰ শাসকীয় দল সংখ্যা লঘিষ্ঠ হোৱাটো নিশ্চিত হৈছে। এক সূত্ৰই সদৰী কৰা অনুসৰি দলত্যাগী সদস্য গৰাকীয়ে অহা ২৭ জুলাইত যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগ কৰিব। লগে লগেই তিতাবৰ পৌৰসভা পুনৰ কংগ্ৰেছৰ দখললৈ যোৱাতো এক প্ৰকাৰ নিশ্চিত হয়।

তিতাবৰ নিউজ