ডিঙিত পাচলিৰ মালা পিন্ধি তৃণমূল কংগ্ৰেছৰ ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী

ডিঙিত পাচলিৰ মালা পিন্ধি তৃণমূল কংগ্ৰেছৰ ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অসম তৃণমূল কংগ্ৰেছৰ আহ্বানত বৃহস্পতিবাৰে ৰাজ্যজুৰি জিলাই জিলাই তৃণমূল কংগ্ৰেছে ডিঙিত জলকীয়া, পিয়াজ আৰু পাচলিৰ মালা পিন্ধি ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচীৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত জিলাৰ সদৰ হাটশিঙিমাৰীত ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।

জিলা তৃণমুল কংগ্ৰেছৰ সভাপতি অধিবক্তা এ এছ এম জাহাঙ্গীৰৰ নেতৃত্বত শতাধিক তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে দিনৰ প্ৰায় ১ বজাত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সম্মুখৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

এটা সময়ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী সমদল সমবেত হৈ বিভিন্ন শ্লোগানেৰে আয়ুক্তৰ কাৰ্যালয় চৌহদো উত্তাল কৰি তোলে। ইয়াৰ পাচত জিলা প্ৰশাসনৰ জৰিয়তে অসমৰ ৰাজ্যপালক জিলা তৃণমূল কংগ্ৰেছে তিনিদফীয়া দাবী সম্ভলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে খাদ্য সামগ্ৰী, ঔষধৰ লগতে অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী তোলে তৃণমূল কংগ্ৰেছে। একেদৰে জিলাখনৰ সাধাৰণ লোকৰ লাইফ লাইন সদৃশ হাটশিঙিমাৰী-মানকাচৰ এইচ-এম পথটো দীৰ্ঘদিনে বিধস্ত হৈ পৰিছে।

জিলাখনত বিকল্প পথ নথকাৰ ফলত দ-খালযুক্ত পথেৰে প্ৰতিদিনে হেজাৰ হেজাৰ লোক অতি কষ্টৰ মাজতে যাতায়ত কৰিবলগীয়া হৈছে। এই এইচ-এম পথটো চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথলৈ উন্নীতকৰণৰ বাবেও জিলা তৃণমূল কংগ্ৰেছে দাবী উত্থাপন কৰিছে।

আজিৰ এই কাৰ্যসূচীত দক্ষিণ শালমাৰা মানকাচৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অধিবক্তা এ এছ এম জাহাঙ্গীৰ, অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক জুলফিকাৰ হুছেইন, ৰাজ্যিক উপ- সভানেত্ৰী আকলুনা বেগম, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজিব আলী, শ্ৰম বিভাগৰ ৰাজ্যিক সম্পাদক আব্দুল্লা সৰকাৰ সহ জিলা সমিতিৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত আছিল।

ডিঙিত পাচলিৰ মালা পিন্ধি তৃণমূল কংগ্ৰেছৰ ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী
ইউ এছ টি এমৰ নৱম সংখ্যক সমাবর্তনঃ ১৬৫৫ জন স্নাতকক ডিগ্রী প্রদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in