আজি জয়ন্ত হাজৰিকাৰ ওপজা দিন...

আজি জয়ন্ত হাজৰিকাৰ ওপজা দিন...

Published on

ডিজিটেল ডেস্ক : “মই যি বাটেৰে ওলালো আজি / নাহো উলটি/মই ন পথেৰে জ্যোতিৰে /  পখী ফুৰো বিচাৰি…”। আজি দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন। ১৯৪৩ চনৰ ২০ ছেপ্তেম্বৰৰ দিনটোতে জন্মলাভ কৰিছিল জয়ন্ত হাজৰিকাই।

আজিৰ এই পবিত্ৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শিল্পীগৰাকীৰ জন্ম দিৱসৰ বিভিন্ন কাৰ্যসূচী। একেদৰে মহানগৰীৰ চানমাৰি উৰণ সেতুৰ সমীপৱৰ্তী জয়ন্ত হাজৰিকা উদ্যানতো আয়োজন কৰা হৈছে জন্মদিৱস অনুষ্ঠানৰ। এই উপলক্ষে উদ্যোক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৬০ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ আছিল। তেখেত এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা সুকণ্ঠৰ অধিকাৰী আছিল। তেঁওৰ সংগীতত অসমীয়া লোকসংগীতৰ উপৰি হিন্দুস্তানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক এণ্ড ৰোল, জেজ আদি সংমিশ্ৰণ দেখা যায়।

আজি জয়ন্ত হাজৰিকাৰ ওপজা দিন...
গোসাঁইগাঁৱত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপনৰ প্ৰস্তুতি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in