আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি

ধৰাৰ বুকুলৈ নামি আহিব ভক্তিৰসৰ অমৃত প্ৰেমৰ নদী...
আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি
Published on
Updated on

ডিজিটেল ডেস্ক : “আলো মঞি কি কহবো দুখ।

পৰাণ নিগৰে নাদেখিয়া চান্দ-মুখ।।

কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম।

বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।।
শ্যামকানু বিনে মোৰ নৰহে জীৱন।

হা শ্যাম বুলিতে অকুল কৰে মন…।।“

আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। গুৰুবন্দনা, নাম-কীৰ্তন তথা হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব অসমৰ আকাশ-বতাহ। ধৰাৰ বুকুলৈ নামি আহিব অমৃত প্ৰেমৰ নিজৰা। আজি ৰাজ্যৰ সত্ৰ-নামঘৰত পালন কৰা হ’ব মহাপুৰুষজনাৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি।

ইতিমধ্যে কমলাবাৰী, বৰপেটা আদি সত্ৰসমূহত মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ব্যাপক আয়োজন কৰাৰ কথা জানিব পৰা গৈছে। তাৰোপৰি বৰপেটা সত্ৰত ১০ দিনীয়াকৈ পালন কৰা হ’ব মাধৱদেৱৰ কীৰ্তন মহোৎসৱ।

আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি
মানৱ সৰবৰাহকাৰীৰ ৰূপত গাঁওৰক্ষী বাহিনীৰ সভাপতিঃ দুই নাবালিকাক নিৰ্যাতন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in