ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি জন্ম দিৱস

সম্ভ্ৰান্ত পৰিয়ালত জন্মলাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বহুমুখী প্ৰতিভাৰ আকৰ
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি জন্ম দিৱস
Published on
Updated on

ডিজিটেল ডেস্ক : 'লুইতৰে পানী যাবি অ’ বৈ / সন্ধিয়া লুইতৰ পানী সোণোৱালী / চহৰে নগৰে যাবি অ’ বৈ...।।' আজি ১৭ জুন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ওপজাদিন।

১৯০৩ চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা।

উল্লেখ কৰা প্ৰয়োজন যে প্ৰাতঃস্মৰণীয় সাহিত্যিক চন্দ্ৰকুমাৰ আগৰৱালা আছিল জ্যোতিপ্ৰসাদৰ বৰদেউতাক। এটি সম্ভ্ৰান্ত পৰিয়ালত জন্মলাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বহুমুখী প্ৰতিভাৰ আকৰ।

গীত-নৃত্য, নাটক-চিনেমা, কবিতা, সাহিত্য ইত্যাদি সকলো দিশতে সিদ্ধহস্ত জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া চিনেমাৰ বাটকটীয়া। ১৯৩৫ চনত তেখেতে নিৰ্মাণ কৰিছিল প্ৰথম অসমীয়া চিনেমা 'জয়মতী'।

ইয়াৰ পাছত পৰ্যায়ক্ৰমে অসমীয়া ভাষা সাহিত্য তথা সংস্কৃতিৰ দৌল নিৰ্মাণত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। স্বাধীনতা আন্দোলনতো জপিয়াই পৰিছিল সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ।

বহু প্ৰতিভাৰ জিলিকনি এইগৰাকী বৰণ্য অসমীয়াৰ ১৯৫১ চনৰ ১৭ জানুৱাৰীৰ দিনা মৃত্যু ঘটে। তেখেতৰ সন্মানৰ্থে মৃত্যু তিথিটো শিল্পী দিৱস হিচাপে ৰাজ্যজুৰি পালন কৰা হয়।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি জন্ম দিৱস
জম্মু-কাশ্মীৰত শূণ্য হ'ব সন্ত্ৰাসবাদ! গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ পৰিকল্পনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in