আজি পবিত্ৰ কৰম পূজা

চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ পবিত্ৰ উৎসৱ হৈছে কৰম পৰব

author-image
Asomiya Pratidin
New Update
আজি পবিত্ৰ কৰম পূজা

ডিজিটেল ডেস্ক : "কৰম কৰম কহলে/আয়োকৰম কৈ দি কৈসে/আয়ো শাওন ভাদ চইলে গেল/ৰেকুমাৰী ছড়ী কৰম গাড়েৰে…।" আজি পবিত্ৰ কৰম পূজা।

চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ পবিত্ৰ উৎসৱ হৈছে কৰম পৰব। কৰম পূজা মূলতঃ অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত উদযাপন কৰা জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। ই এক কৃষিভিত্তিক পৰ্ব।

অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত অতি উলাহ-মালহেৰে পালন কৰা হয় এই উৎসৱ। ইতিমধ্যে এই পৰ্ব উপলক্ষে চাহ জনগোষ্ঠীয় অঞ্চলসমূহত ব্যাপক আয়োজন কৰা হৈছে। ঠাই বিশেষে এই উৎসৱ ৩ দিন,৫দিন তথা ৭দিন পৰ্য্যন্ত পালন কৰা হয়।

Also Read: নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

tea tribe karam puja