ডিজিটেল ডেস্কঃ আজি কাতি বিহু। ব্যস্ত প্ৰতিজন অসমীয়া। অসমৰ জাতীয় সংস্কৃতি তথা বৰ্ণাঢ্য লোক পৰম্পৰাক সৰোগত কৰি আজি উদযাপিত হব কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু । চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ কামনাৰে ধাননি পথাৰত জ্বলাব এগচি বন্তি।
কাতি মাহত কৃষকৰ পথাৰখন প্ৰাণৱন্ত হৈ পৰে। সেউজীয়া হৈ পৰে কৃষকৰ সপোনবোৰ। আকালৰ দিনটো পথাৰৰ সজল সেউজ ধাননি পথাৰৰ পৰা বৈ অহা অনামী আবিৰৰ স্পৰ্শত স্বপ্নাতুৰ হৈ পৰা কৃষিজীৱি ৰাইজে সেউজীয়া পথাৰত এগছি বন্তি জ্বলাই অদৃশ্য জনৰ প্ৰতি প্ৰণিপাত জনাই ভৰসা আৰু অফুৰন্ত আত্মতৃপ্তিৰ সুখ লাভ কৰে ।
এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু বা কঙালী বিহু। তদুপৰি গো–লক্ষ্মীক উদ্দেশ্যি গোহালি ঘৰ, লক্ষ্মী বাস কৰা ভঁৰাল ঘৰ, তামোল–নাৰিকলৰ আদিৰ তলতো অসমীয়াই জ্বলাব ভক্তিৰ চাকিগচি।
কিন্তু সেই লখিমীৰ ভঁৰাল স্বৰূপ ধাননী পথাৰ বানে থেকেচা কৰা ওদালগুৰি জিলাৰ ওৰাঙৰ চুতীয়া পাৰাৰ কৃষিজীৱি লোকৰ মাজত এইবাৰ নাই কাতি বিহুৰ কোনো উচাহ-উদ্দীপনা ।পাচঁনৈ নৈৰ উপৰ্যুপৰি বানে থান-বান কৰি থৈ যোৱা বিধস্ত ঘৰ-বাৰি আৰু একাঠু -একঁকাললৈকে বালিয়ে পুতি পেলোৱা শ শ বিঘা খেতি পথাৰত এতিয়া চকুৰে নমনালৈকে কেৱল মৰুভূমি সদৄশ বিস্তীৰ্ণ বলুকা ।
কেৱল খেতি-বাতিৰ ওপৰতেই জীৱিকা নিৰ্বাহ কৰা ওৰাঙৰ চুতীয়া পাৰা গাঁৱৰ শতাধিক পৰিয়ালৰ এতিয়া এমুঠি ভোকৰ ভাত আৰু আশ্ৰয়ৰ বাবে হাহাকাৰ কৰি থাকিব লগীয়া হৈছে সহস্ৰাধিক কৃষিজীৱি পৰিয়ালে । সেউজীয়া পথাৰত চিন-মোকাম নাইকিয়া হৈ পৰা বহু পৰিয়ালৰ এইবাৰ কাতি বিহুৰ সন্ধিয়া তুলসীৰ তলত এগছি বন্তি জ্বলাবলৈ আপোন ভেটিটোৰো কোনো অস্তিত্ব নাই ।
পাচঁনৈ নদীৰ বানে তাণ্ডৱলীলা চলাই যোৱাৰ পাছত উদং খেতিপথাৰলৈ চাই দিন অতিবাহিত কৰা গাঁও খনত নাই কাতি বিহুৰ কোনো উচাহ-উদ্দীপনা । কাতি বিহুৰ উচা-উদ্দীপনাৰ পৰিবৰ্তে এতিয়া চকুত চকুপানী টুকি খেতিয়কে হুমুনিয়াহ কাঢ়িছে । কাতি বিহুৰ দিনটোত এক কৰুণ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।