আজি পৱিত্ৰ ঈদুজ্জোহা

আজি পৱিত্ৰ ঈদুজ্জোহা
Published on
Updated on

ডিজিটেল ডেস্ক : আজি পৱিত্ৰ ঈদুজ্জোহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম উৎসৱ হৈছে ঈদুজ্জোহা বা বকৰিদ অথবা ঈদ-উজ-জোহা। সমগ্ৰ দেশৰ লগতে অসমতো ইছলামধৰ্মী লোকসকলে পালন কৰিব এই পৱিত্ৰ উৎসৱটি।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদকলৈ যথেষ্ট উৎসাহ-উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। সজাই-পৰাই তোলা হৈছে ঈদগাহ ময়দানৰ লগতে মছজিদসমূহ। আজিৰ এই পৱিত্ৰক্ষণটিৰ বাবে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে সমূহ ইছলামধৰ্মী ৰাইজলৈ জনাইছে ঈদৰ শুভেচ্ছা।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ঈদ-উজ-জোহাৰ আভিধানিক অৰ্থ হৈছে- ত্যাগ, আনন্দ আৰু দান কৰা। এই নীতিকে সৰোগত কৰি ইছলামধৰ্মী লোকসকলে পালন কৰিব পৱিত্ৰ ঈদ উৎসৱ।

আজি পৱিত্ৰ ঈদুজ্জোহা
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি জন্ম দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in