ডিজিটেল সংবাদ,চিৰাং: বাসুগাঁও ৰেল ষ্টেচনৰ সমীপত বুধবাৰে এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেলৰ খুন্দাত এগৰাকী পথচাৰী মহিলা নিহত হয়। প্ৰত্যক্ষদৰ্শী সকলে সদৰি কৰা মতে কানেৰে কম শুনা মহিলা গৰাকী উৰণ সেঁতুৰ তলেৰে খোজকাঢ়ি ৰেলপথ অতিক্ৰম কৰাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
খবৰ লাভ কৰি ঘটনাস্থলীত ৰেল আৰক্ষীৰ লোক উপস্থিত হয়। পৰৱৰ্তী সময়ত ৰেলৰ খুন্দাত নিহত মহিলা গৰাকীক বাসুগাঁও চহৰৰ মানু বেগম (৫৭) বুলি পৰিয়ালৰ লোকে আহি চিনাক্ত কৰে। ৰেল আৰক্ষীয়ে নিহত মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিউ বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে ।
Also Read: সূৰ্য হাজৰিকাৰ পাছত অসম সাহিত্য সভাৰ দায়িত্ব কাৰ হাতত…