ডিজিটেল সংবাদ, মঙলদৈ: অসম ৰাজ্যিক পৰিবহণ নিগম অসমৰ পথ পৰিবহণ সংযোগৰ জীৱনৰেখা আছিল। নিগমৰ বাছে গ্ৰাম্যাঞ্চলৰ লগতে চহৰাঞ্চল আৰু আন্তঃৰাজ্যিক পথ পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াইছিল। কিন্তু আজি অসমৰ ৰাজহুৱা খণ্ডৰ এই বৃহৎ নিগম তিল তিল কৈ মৃত্যুৰ পিনে গতি কৰিছে।
এটা সময়ত ৰঙা ৰঙৰ গড় মাৰ্কা বাছ আৰু দূৰ দূৰণীৰ যাত্ৰীৰে গিজগিজাই আছিল মঙলদৈ পৰিবহণ নিগমৰ বাছ আস্থান । কিন্তু এতিয়া যেন এৰাবাৰীত পৰিনত হ'বলৈ গৈ আছে এই পৰিবহন নিগমৰ আস্থান। অসামাজিক কৰ্ম কাণ্ডৰ ক্ষেত্ৰত পৰিণত হ'বলৈ গৈ আছে মঙলদৈ পৰিবহণ নিগমৰ বাছ আস্থান।
তাহানিৰ গাড়ীও নাই যাত্ৰীও নাই। মঙলদৈ পৰিবহণ নিগমৰ বাছ আস্থানত চাৰি পাঁচ খন ভাঙি চিঙি যোৱা বাছ জাৱৰৰ দৰে পৰি আছে নাই কোনো মেৰামতি, ৰক্ষণাবেক্ষণ । মঙলদৈ পৰিবহণ নিগমৰ আস্থান অধ্যক্ষ গিৰীশ শইকীয়াই এই প্ৰতিবেদনক জনোৱা মতে বৰ্তমান দৰং আৰু ওদালগুৰি জিলা মিলাই মাত্ৰ ছয় খন পৰিবহন নিগমৰ নিজা বাছহে আছে। কৰ্মচাৰী হিছাপে মঙলদৈ পৰিবহণ নিগমৰ কাৰ্যালয় আৰু ক্ষেত্ৰ মিলাই ১৯জন নিয়মীয়া কৰ্মচাৰীৰ লগতে ৪১গৰাকী অনীয়মীয়া কৰ্মচাৰী আছে যদিও ৰাজহ আৰ্জন বা যাত্ৰীৰ সেৱা একেবাৰে নাই বুলি ক'ব পাৰি মঙলদৈস্থ ৰাজ্যিৰ পৰিবহণৰ পৰা।
মঙলদৈ বিভিন্ন দল সংগঠন তথা বিশিষ্ট ব্যক্তি সকলে আশা প্ৰকাশ কৰে যে ৰাজহ সংগ্ৰহত ব্যস্ত থকা চৰকাৰ খনে মঙলদৈৰ অসম ৰাজ্যিক পৰিবহন নিগমৰৰ সেৱা উন্নত কৰক, চৰকাৰে নিগমৰ মঙলদৈস্থ আস্থানত নতুন গাড়ী দি সৰ্বসাধাৰণ লোকৰ যাতায়তত গুৰুত্ব দিয়াৰ লগতে মৰিব ধৰা ৰাজহুৱা খণ্ডৰ নিগম টি পুনৰুদ্ধাৰ কৰক ।
আৰু পঢ়ক: শিক্ষক নিযুক্তি কেলেংকাৰী;পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেতাৰ্জীক গ্ৰেপ্তাৰ, ঘনিষ্ঠৰ ঘৰত ২০ কোটি উদ্ধাৰ