মানকাচৰৰ ঝালোৰচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ...

মানকাচৰৰ ঝালোৰচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ ঝালোৰচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ...

মানকাচৰৰ ঝালোৰচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ঝালোৰচৰ পিপিৰ ওচৰত দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰীসহ দুজনক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত বাতৰি মতে, গোপন সুত্ৰৰ ভিত্তীত মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপক বৰগয়াৰীৰ নেতৃত্বত মানকাচৰ আৰক্ষীৰ দল এটাই দেওবাৰে সন্ধিয়া ঝালোৰচৰ পিপিৰ ওচৰত হাটশিঙিমাৰী-মানকাচৰ এইচ-এম পথত নাকা বহাই অভিযান আৰম্ভ কৰে।

তাৰ মাজতে এম এল ০৮ এইচ ৫৩৬৯ নম্বৰৰ টেম্পো গাড়ীখন হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে ৰখাই তালাচী চলায়। টেম্পোখনৰ পৰা আৰক্ষীয়ে ১৮৭২ টা ছামপেক্স কেপচুল, ৪৮০ টা পেয়ি ভন স্পাছ কেপচুল, ১৩৩ বটল অনৰেক্স কফ ছিৰাফ জব্দ কৰিছে।

আৰক্ষীয়ে টেম্পো গাড়ীখনৰ লগতে গাড়ী চালক আৰু এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক মানকাচৰ থানা এলেকাৰ অধীনস্থ জোৰডাঙা দ্বিতীয় খণ্ড গাঁৱৰ প্ৰয়াত ছৈদুৰ জামানৰ পুত্ৰ খালেকুজ্জামান আৰু কুচনিমাৰা গাঁৱৰ হাৰুণ আল ৰসিদৰ পুত্ৰ হাবিবুল্ল্যা আহমেদ বুলি চিনাক্ত কৰা হৈছে।

হাবিবুল্ল্যা আহমেদ টেম্পোখনৰ চালনক আছিল। দুয়ো একেলগে নিচাযুক্ত সামগ্ৰীখিনি হাটশিঙিমাৰীৰ পৰা মানকাচৰলৈ আনি থকা বুলি আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তীত খবৰ পাই এই অভিযান চলাই সামগ্ৰীখিনি জব্দ কৰে।

আজি দুয়োজনক হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে দুয়োক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ পাচতো এতিয়াও একাংশ স্থানত ড্ৰাগছ মাফিয়াই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে।

বিশেষকৈ মানকাচৰ জিলাখনৰ এফালে ভাৰত-বাংলাদেশ সীমান্ত হোৱাৰ লগতে আনফালে অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্ত। এই সুযোগ লৈ ড্ৰাগছ মাফিয়াই মেঘালয়ত ড্ৰাগছ সৰবৰাহ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তয়েদি বাংলাদেশত ড্ৰাগছ সৰবৰাহ কৰি কোটি কোটি টকা সংগ্ৰহ কৰি আহিছে।

নৱ প্ৰজন্মক ধ্বংসৰ মুখে ঠেলি দি এনে ড্ৰাগছ মাফিয়াই ৰমৰমীয়া ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে ড্ৰাগছ মাফিয়াই ন ন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে।

Also Read: যিকোনো শিক্ষক-কৰ্মচাৰীয়ে এবিভিপিত যোগ দিব পাৰিব : শিক্ষা মন্ত্ৰী ৰণোজ পেগু...

মানকাচৰ