দায়িত্বহীন জিঅ পি অইল চাৰ্ভে ! তেল অম্বেষণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে বৰডুমচাৰ ২ জন শ্ৰমিকে

দায়িত্বহীন জিঅ পি অইল চাৰ্ভে ! তেল অম্বেষণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে বৰডুমচাৰ ২ জন শ্ৰমিকে

author-image
Asomiya Pratidin
New Update
দায়িত্বহীন জিঅ পি অইল চাৰ্ভে ! তেল অম্বেষণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে বৰডুমচাৰ ২ জন শ্ৰমিকে

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটা : জিঅ পি অইল চাৰ্ভে নামৰ তৈল অম্বেষণকাৰী সংস্থাটোৰ শ্ৰমিকৰ প্ৰতি চৰম দ্বায়িত্বহীনতাৰ কথা পোহৰলৈ আহিছে। অৰুণাচলৰ দেওমালিত কৰ্মৰত অৱস্থাত গছ উভালি পৰি মৃত্যু তথা আহত হোৱা শ্ৰমিকৰ জীৱনকলৈ তিলমানো দ্বায়বদ্ধতা নেদেখুৱালে জিঅ পি অইল চাৰ্ভে নামৰ তৈল অম্বেষণকাৰী সংস্থাটোৱে।

উক্ত সংস্থাটো যে শ্ৰমিকৰ জীৱনকলৈ তিলমানো দ্বায়বদ্ধ নহয়,সেই সন্দৰ্ভত এক দুৰ্ঘটনাই প্ৰমাণ কৰিছে। জানিব পৰামতে শনিবাৰে অৰুণাচলৰ দেওমালিত তৈল অন্বেষণৰ কামত কৰ্মৰত হৈ থকা সময়তে এজোপা প্ৰকাণ্ড গছ উভালি পৰি বৰডুমচা ২ জনকৈ শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে আন ৫গৰাকীকৈ শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল।

মৃত শ্ৰমিক কেইজনৰ নাম ক্ৰমে মিনাকান্ত দেউৰী(২৪)আৰু দলেন্দ্ৰ দেউৰী (৪৫)।আইডন গ্ৰাম চিংফৌ আৰু জনৈক ৰাণা মালিকানাধীন জিঅ এলাইঞ্চ নামৰ তৈল অম্বেষণকাৰী সন্থাটোৱে এই বিষয়ে অৰুণাচল প্ৰদেশৰ আৰক্ষী প্ৰশাসনক অৱগত নকৰি গোপনে মৃত শ্ৰমিক কেইজনৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিবলৈ চেষ্টা কৰিছিল।

কিন্তু পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষা নকৰাকৈ চমজি লবলৈ অস্বীকাৰ কৰাত মৃতদেহ দুটা মাৰ্ঘেৰিটা আৰক্ষী থানাতে নিশা ৰখা হয়। আনহাতে গুৰুতৰভাৱে আহত কেইজনক মাৰ্ঘেৰিটা এফ আৰ ইউৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও আঘাত গুৰুতৰ হোৱাত নিশাই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

পৰিয়ালৰ লগতে স্থানীয় লোকৰ দাবী যে,মৃতদেহ কেইটি মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে মৃত শ্ৰমিকসলকৰ পৰিয়াল বৰ্গক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ উপৰি আহতসকলক চিকিৎসা ব্যৱস্থা কৰাব লাগিব। অন্যথা তেওঁলোকে মৃতদেহ কোনোপধ্যেই চমজি নলয় বুলি জানিবলৈ দিয়ে। এই শোকাৱহ দুৰ্ঘটনাত ২ জনকৈ শ্ৰমিক মৃত্যু হোৱাত সমগ্ৰ বৰডুমচা অঞ্চলটোত শোক ছাঁ পৰিছে।

Also Read: এছিয়ান গেমছত অসমীয়া

MARGHERITA oil bodumsa