কলিয়াবৰত পৃথকে পৃথকে দুটাকৈ পথ দুৰ্ঘটনা

কলিয়াবৰত বুধবাৰে পৃথকে পৃথকে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ কলিয়াবৰৰ বৰালীগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় প্ৰথমটো দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত পৃথকে পৃথকে দুটাকৈ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত বুধবাৰে পৃথকে পৃথকে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ কলিয়াবৰৰ বৰালীগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় প্ৰথমটো দুৰ্ঘটনা।

ডাম্পাৰে মহতিয়াই নিলে এখন ৱেগনাৰক। ৱেগনাৰক চোঁচৰাই নি ডিভাইদাৰৰ ওপৰত উঠিল ডাম্পাৰখন। কথমপি প্ৰাণৰক্ষা ৱেগনাৰখনৰ চাৰিজন আৰোহীৰ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনৰ চালকে। ডাম্পাৰ খনৰ নম্বৰ আৰ জে ০৭ জি ডি ২১০ আৰু ৱেগনাৰৰ নম্বৰ এ এছ ১৩ এক্স ২৮৭ । একে দিশতে আহি আছিল দুয়োখন বাহন। ৱাগনাৰখনৰ পিছফালে খুন্দিয়াই চোঁচৰাই নিয়ে ডাম্পাৰখনে।

আনহাতে কলিয়াবৰৰ উলুৱনীত বুধবাৰে সংঘটিত হয় আন এটি পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে হুণ্ডাই আই ২০। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ আৰ ০১ জে ০১৯৬ । দৈব্যক্ৰমে ৰক্ষা পৰে বাহনখন আৰোহী। ৩৭নং(ক) ৰাষ্ট্ৰীয় ঘাইপথৰ উলুৱনী দলঙৰ ওপৰতে এই দুৰ্ঘটনা। বুধবাৰৰ দিনটোত কলিয়াবৰত এইটো দ্বিতীয়টো পথ দুৰ্ঘটনা l

আৰু পঢ়ক: চিকিৎসকৰ গাফিলতি! অস্ত্ৰোপচাৰৰ পাছত মহিলাৰ পেটত ৰৈ গ'ল টাৱেল...

assam road accident koliabor