'অসমীয়া যুৱক নাথাকিলে কাকলৈ আমি অসমক উন্নত কৰিম, স্বাধীন কৰিম'- পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...

ৰাজ্যৰ মুঠ ২৫ টা স্থানত বোমা সংস্থাপনৰ কথা স্বীকাৰ কৰি নিষ্ক্ৰিয় কৰিবলৈ আলফাই বিচাৰিলে জনসাধাৰণৰ সহযোগিতা
'অসমীয়া যুৱক নাথাকিলে কাকলৈ আমি অসমক উন্নত কৰিম, স্বাধীন কৰিম'- পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
'অসমীয়া যুৱক নাথাকিলে কাকলৈ আমি অসমক উন্নত কৰিম, স্বাধীন কৰিম'- পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
Published on
Updated on

ডিজিটেল ডেস্কঃ পূৰ্বৰে দৰেই এইবাৰো স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত এই দিৱস বৰ্জনৰ বাবে আহিছিল নিষিদ্ধ ঘোষিত সংগঠনৰ আহ্বান। পুৱা ৬ বজাৰ পৰা ১২ বজালৈকে সকলোকে ঘৰতেই থাকিবলৈয়ো আহ্বান জনাইছিল সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) য়ে। তেওঁলোকে এই সময়তে সামৰিক অভিযানৰ ভাবুকি দিছিল।

কিন্তু পূৰ্বৰ দৰেই আজিও এই আহ্বানক আওকান কৰি জনসাধাৰণে পুৱাৰে পৰাই ব্যস্ত হৈ পৰিছিল স্বাধীনতা দিৱস উদযাপনত। ইতিমধ্যে পতাকা উত্তোলন পৰ্ব সমাপ্ত হৈছিল। পেৰেড গ্ৰাউণ্ডবোৰো প্ৰায় খালী হৈছিল। তাৰ মাজতেই হঠাৎ আহিল এটা খবৰ।

আলফা (স্বাধীন)ই ইমেইলৰ জৰিয়তে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি ক’লে সংগঠনটোৰ সামৰিক অভিযানৰ অংশ হিচাপে ৰাজ্যৰ ২৫ টা স্থানত সংস্থাপন কৰা আছে বোমা। কাৰিকৰী কাৰণতে সময়মতে তেওঁলোকে এই অভিযান সফল কৰিব নোৱাৰিলে। তাৰোপৰি এই বিজ্ঞপ্তিতে উল্লেখ কৰিলে সংস্থাপিত বোমাসমূহ আঁতৰাই নিষ্ক্ৰিয় কৰাৰ ক্ষেত্ৰত জনগণক সহযোগিতা কৰিবলৈ।

তেওঁলোকে উল্লেখ কৰা বোমা সংস্থাপিত সেই স্থান কেইটা ক্ৰমে- শিৱসাগৰৰ ডি টি অ’ অফিচত পৰি থকা পুৰণা গাড়ী এখন, শিৱসাগৰ বি জি ৰ’ড ONGC ৫ নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণ এম্বুলেন্সখন, লাকুৱা তিনি আলিত, থানাৰ সমীপত, অসম ৰাজ্যিক পৰিবহন নিগম ডিব্ৰুগড়, পুৰণা বাছ এখন, অসম ৰাজ্যিক পৰিবহন নিগম লখিমপুৰ, পুৰণা বাছ এখন, লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত (A Team Field) থকা NHPCৰ পুৰণা গাড়ীখন, লালুক দৈনিক বজাৰ, IB সমীপত বৰঘাট আৰক্ষী চকীৰ সমীপত গছ-লতাৰে আৱৰি ৰখা পুৰণা গাড়ীখন, নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হাস্পতাল পোৱাৰ আগত পোৱা ইটা ভাটাৰ সমীপত মাটিত পুতি থোৱা অৱস্থাত,  দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনি পুতি থোৱা অৱস্থাত, গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰেন্সফৰ্মাৰ ব’ৰ্ডৰ বাকচটো, নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা অৱস্থাত, পানবজাৰৰ ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটিখনৰ তলত, যোৰাবাট উৰণীয়া সেতুৰ সমীপত, ভেটাপাৰা, মালিগাঁও, ৰাজগড়, নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণা এম্বুলেন্স এখনৰ ভিতৰত, ৰঙিয়া-তামুলপুৰ ৰ’ডৰ SBI Welcome ব’ৰ্ডখন পাৰ হৈয়ে পোৱা প্ৰথম দোকানখনৰ কাষৰ খালী ঠাইখিনি।

ইয়াৰোপৰি তিনিচুকীয়া জিলাৰ পানীতোলাৰ লগতে তিনিচুকীয়াৰ দুটা স্থান, ডিব্ৰুগড়ৰ এটা স্থান, গোলাঘাট-সৰুপথাৰ দুটা স্থানৰ সঠিক স্থান নিৰূপন কৰিব পৰা নগ’ল বুলিও উল্লেখ কৰা আছিল এই বিবৃতিটোত। ইয়াৰ পিছতে ৰাজ্যৰ প্ৰশাসনত লাগে হুৱাদুৱা।

উল্লেখিত সকলো স্থানতে চলিল আৰক্ষীৰ অভিযান। অভিযানত বিভিন্ন স্থানত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হ’ল যদিও আন কেইবাটাও স্থানত অৱশ্য তেনে কোনো সামগ্ৰী এই পৰ্যন্ত উদ্ধাৰ নহ'ল।

এই সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্তি দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত কয়- ''আজি ৰাতিপুৱা সংবাদ মাধ্যমৰ জৰিয়তে আলফা স্বাধীনৰ পৰা গুৱাহাটীৰ যি ৮ টা স্থানত বোমা সংস্থাপিত হোৱা বুলি কোৱা হৈছিল আমি সেই আটাইকেইটা স্থান সুক্ষ্মভাৱে পৰ্যেবেক্ষণ কৰিলোঁ। আমাৰ টীমে গৈ ভিন্নস্থানত পৰীক্ষা কৰিলে। এই ৮ টা স্থানৰ ভিতৰত ৬ টা স্থানতে আই ই ডি বা বোমা আমি নাপালোঁ। পানবজাৰৰ প্ৰাগ কণ্টিনেণ্টেলৰ কাষৰ পান দোকানৰ তলত আমি এটা সন্দেহজনক সামগ্ৰী পাইছো, আৰু এটা গান্ধী মণ্ডপলৈ উঠি যোৱা পথৰ কোণাত থকা বি এছ এন এলৰ এটা ছুইছ বক্সত পাইছোঁ। আৰক্ষী বিভাগৰ বোমা স্কোৱাডে সাৱধানতাৰে দুয়োটা সামগ্ৰী পৰীক্ষা কৰিলে। দুয়োটা সামগ্ৰী পৰীক্ষা কৰাত দেখা গ’ল তাত বোমা সদৃশ যি চাৰ্কিট থাকিব লাগে সেয়া আছে কিন্তু তাত যিটো ট্ৰিগাৰিং মেকানিজিম সেই মেকানিজিমটো নাই। বিস্ফোৰক সদৃশ কিছু সামগ্ৰী তাত এটা টেমাত সংস্থাপিত কৰিছে। আমি সাধাৰণভাৱে সেয়া বিস্ফোৰক হয় নে নহয় ক’ব নোৱাৰোঁ। ৰাসায়নিক পৰীক্ষাৰ পাছত সেয়া বিশেষজ্ঞইহে ক'ব পাৰিব।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক্সৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ এক্সত লিখিছে এইদৰে- ''অসম আৰক্ষীয়ে আজি বিস্ফোৰক সামগ্ৰীৰ বাবে সমগ্ৰ ৰাজ্যতে ব্যাপক তালাচী চলাইছে। গুৱাহাটীৰ দুটা ঠাইত সন্দেহজনক সামগ্ৰী পোৱা গৈছে, যিবোৰ আৰক্ষীৰ বোমা নিষ্ক্ৰিয় দলে খুলিছে। এই সামগ্ৰী বোৰত ‘ইগনিশ্বন ডিভাইচ’ নাই। ইয়াত কিছু চাৰ্কিট আৰু বেটাৰী দেখা পোৱা গৈছে। এই পদাৰ্থবোৰক ফৰেনচিক/ৰাসায়নিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। লখিমপুৰ, শিৱসাগৰ, নলবাৰী আৰু নগাঁৱতো একেধৰণৰ সামগ্ৰী দেখা গৈছে যিবোৰ সুৰক্ষিতভাৱে নিষ্ক্ৰিয় কৰা হৈছে। এই সন্দৰ্ভত উপযুক্ত আইনী তদন্ত আৰম্ভ কৰা হৈছে।''

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক সমালোচনা কৰিছে। আলফাৰ এনে কাৰ্যৰ বাবেই অসমত টাটাই স্থাপন কৰিবলৈ লোৱা ছেমি কণ্ডাক্টৰ আৰু বিনিয়োগত প্ৰভাৱ পৰাৰ আশংকাও ব্যক্ত কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ''গুৱাহাটী, শিৱসাগৰ, লখিমপুৰ আৰু নগাওঁ আদি স্থানত তেওঁলোকে স্বাধীনতা দিৱস উপলক্ষে বোমা দি থোৱা বুলি কৈছে। কালি (১৪ আগষ্ট বুধবাৰ) ভিডিঅ’ আহিছিল যে, আজি ৬ বজাৰ পৰা ১২ বজাৰ ভিতৰত বোমা ফুটিব। আজি কোৱা হ’ল যে কাৰিকৰী কাৰণত বোমা ফুটা নাই, আৰু আৰক্ষীয়ে বোমা বিলাক উদ্ধাৰ কৰিব লাগে। বোমা বিলাক পাইছেনে নাই পোৱা সেয়া আৰক্ষীয়ে ক’ব। মই মাত্ৰ এটাই অনুৰোধ কৰিম টাটাই অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছে। অসমলৈ আৰু বহু বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমখনে অলপমান বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। মই বোমা আছে নাই এই বিতৰ্কলৈ নগৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম কোনো কাৰণতে অসমত এনেকুৱা পৰিবেশ সৃষ্টি কৰিব নালাগে, যাতে বিনিয়োগৰ পৰিবেশ নোহোৱা হৈ যায়। অসমত প্ৰায় ১৪ লাখ নিবনুৱা যুৱক-যুৱতী আছে। যদি উদ্যোগেই নাহে অসমৰ যুৱক বিলাক কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশলৈ ছিকিউৰিটি হৈ গুছি যাব। যদি অসমৰ যুৱকেই অসমত নাথাকে কাকলৈ আমি অসমখনক উন্নত কৰিম আৰু স্বাধীন কৰিম?

এইদৰেই আজি ৰাজ্যত স্বাধীনতা দিৱসৰ দিনটোত বোমাৰ আতংকই খেদি ফুৰে। বিশেষকৈ অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পাছতো গুৱাহাটীৰ লগতে শিৱসাগৰ, লখিমপুৰ, নগাওঁ, নলবাৰী আদি স্থানত কিদৰে বিস্ফোৰক সামগ্ৰী সংস্থাপিত কৰিবলৈ পাৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন।

সমান্তৰালকৈ আলফাই যিসমূহ স্থানত বোমা সংস্থাপিত কৰা বুলি উল্লেখ কৰিলে সেই আটাইবোৰ স্থানেই সাধাৰণ অসমীয়া মানুহৰ সমাগমৰ স্থান। অসমীয়া মানুহখিনিক এইদৰে হাৰাশাস্তি কৰি তেওঁ কি বুজাব বিচাৰিছে বুলিও প্ৰশ্ন উত্থাপন হৈছে। আলফাৰ আজিৰ এই কাৰ্যক বহুতেই ল’ৰা ধেমালিৰ সৈতে তুলনা কৰিছে। বহুতৰ মতে এয়া আছিল আলফাৰ অস্তিত্ব জাহিৰ কৰাৰ এক কৌশল।

'অসমীয়া যুৱক নাথাকিলে কাকলৈ আমি অসমক উন্নত কৰিম, স্বাধীন কৰিম'- পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
অলিম্পিয়ানৰ বাবেও মুকলি থাকিব BCCI ৰ নতুন ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in