পুৱা বিহালীৰ বেদেতীত ৰে'লৰ খুন্দাত অচিনাক্ত লোকৰ মৃত্যু...

চিনাক্ত নোহোৱা পৰ্যন্ত ৭২ ঘণ্টালৈ মৃতদেহ থাকিব বিহালী স্বাস্থ্য কেন্দ্ৰৰ মৰ্গত
পুৱা বিহালীৰ বেদেতীত ৰে'লৰ খুন্দাত অচিনাক্ত লোকৰ মৃত্যু...
পুৱা বিহালীৰ বেদেতীত ৰে'লৰ খুন্দাত অচিনাক্ত লোকৰ মৃত্যু...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বেদেতীৰ ৰে'ল গেটৰ সমীপত আজি পুৱা ৰে'লৰ খুন্দাত এজন অচিনাক্ত লোকৰ মৃত্যু হয়। ঘটনাস্থলীত বিশ্বনাথ ৰে'লৱে আৰক্ষীৰ উপ-পৰিদৰ্শক ঘনকান্ত দাস উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

তথ্য মতে আজি পুৱা প্ৰায় ৬-৫০ বজাত নামনিমুৱা মালবাহী ৰে'লখনৰ খুন্দাত লোকজনৰ মৃত্যু হয়। নিহত ব্যক্তিগৰাকীৰ বয়স আনুমানিক প্ৰাম ৪৮ ৰ পৰা ৫০ বছৰ।

তেওঁ পৰিধান কৰি আছে বগা চাৰ্ট, নীলা হাফ পেণ্ট। বিশ্বনাথ ৰে'লৱে আৰক্ষীৰ উপ পৰিদৰ্শক ঘনকান্ত দাসে জানিবলৈ দিয়া মতে চিনাক্ত নোহোৱা পৰ্যন্ত ৭২ ঘণ্টালৈ মৃতদেহ বিহালী স্বাস্থ্য কেন্দ্ৰৰ মৰ্গতে ৰাখিব।

পুৱা বিহালীৰ বেদেতীত ৰে'লৰ খুন্দাত অচিনাক্ত লোকৰ মৃত্যু...
মাইম বিস্ফোৰণত হেৰুৱাইছিল ভৰিঃ পেৰা অলিম্পিকত জয় কৰিলে ব্ৰঞ্জৰ পদক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in