ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত নিৰ্মাণ হ'ব চাৰি লেন যুক্ত সেউজ বাইপাছ। সোমবাৰে মঙলদৈত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে মঙলদৈৰ বাইপাছৰ ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। ১৫.১ কিলোমিটাৰ দৈঘ্যৰ প্ৰায় ৫৩৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব মঙলদৈ চহৰৰ দক্ষিণ দিশত চাৰি লেন যুক্ত সেউজ বাইপাচ।
কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাৰ্ডকাৰীয়ে বাইপাছৰ ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব লগীয়া অনুষ্ঠানত দৰঙৰ চাৰিটা সমষ্টিৰ মুঠ ১০৮৯.০১ কোটি টকা ব্যয় সাপেক্ষ ১২টা আন আন উন্নয়নমূলক আচনিৰো শুভাৰম্ভ কৰিব। ছিপাঝাৰ বিধানসভা সমষ্টিত তিনিটা, মঙলদৈ বিধানসভা সমষ্টিত চাৰিটা,দলগাও বিধানসভা সমষ্টিত এটা আৰু অন্যান্য চাৰিটা উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব।
এই ঐতিহাসিক শুভাৰম্ভ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি পৰৱৰ্তী সময়ত মঙ্গলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।
আনহাতে দৰঙৰ সো মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মূল সমস্যা চাৰিলেন মুক্ত ৰাজপথ বাইহাটা চাৰিআলিৰ পৰা জোনাই লৈ এই পথটি পৰৱৰ্তী সময়ত নিৰ্মিত হ'ব বুলি মন্তব্য আগবঢ়ায় মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই।