ডিজিটেল ডেস্ক: পাঞ্জাৱৰ অমৃতস্বৰত অৱস্থিত গুৰু নানক দেৱ ইউনিভাৰচিটিত ২৪ৰ পৰা ২৬ মাৰ্চ তাৰিখলৈকে অনুষ্ঠিত হয় "ইউনিভাৰচিটি গেমচ্:২০২৩"। অল ইণ্ডিয়াৰ সহযোগত অনুষ্ঠিত এই "ইউনিভাৰচিটি গেমচ্:২০২৩"ত অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হয়।
খেলুৱৈ কেইজন ক্ৰমে অচ্যুত বড়ো, প্ৰেৰণা হাজৰিকা আৰু দিবাকৰ ৰাভা। ইয়াৰে অচ্যুত বড়োৱে ৰূপ আৰু প্ৰেৰণা হাজৰিকা, দিবাকৰ ৰাভাই ব্ৰঞ্জৰ পদক অৰ্জ্জন কৰি অসমবাসীৰ লগতে এছ'চিয়েশ্ব্যনক গৌৰৱান্বিত কৰিলেI
পেঞ্চাক চিলাট সমৰকলাত পাৰদৰ্শিতাৰ বাবে দেশৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয় পাঞ্জাৱৰ লাভলী প্ৰফেশ্ব্যনেল ইউনিভাৰচিটিত অধ্যয়নৰ সুবিধা লাভ কৰা তিনিও গৰাকী খেলুৱৈ বিশ্ববিদ্যালয় খনৰহৈ অংশগ্ৰহণ কৰিছিলI ইয়াৰে প্ৰথম দুই গৰাকী খেলুৱৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়ৰ খেলুৱৈ I
উল্লেখ্য যে ইউনিভাৰচিটি গেমচ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ খেলুৱৈক অংশগ্ৰহণৰ সুবিধা প্ৰদানৰ বাবে ২০১৯ চনৰ পৰা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনোৱা হৈছিল। পিছে কোনো ফল নধৰাত বৰং বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় সমূহত অধ্যয়নৰত বহু প্ৰতিভাক নিৰাশ কৰাত বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিব লগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক আখ্যা দি অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেএ ক্ষোভ প্ৰকাশ কৰে I
Also Read: স্বৰ্ণ জয়ৰ দুৱাৰডলিত লাভলীনা : বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অসম কন্যা