ডিজিটেল সংবাদ,বটদ্ৰৱা : ৰাজ্যত অভাৱনীয়ভাবে বৃদ্ধি পোৱা বিদ্যুৎ বিলৰ লগতে অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে। এইবাৰ নগাঁও জিলাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে চাউলৰ মূল্য।
ৰঞ্জিত, পৰিমল, আইজুং, বাচমতিকে ধৰি প্ৰতিবিধ চাউলৰ মূল্যবৃদ্ধিত জুৰুলা খাটিখোৱা একাংশ লোক। জানিব পৰা মতে, আইজুঙ প্ৰতি কিলোগ্ৰামত ৪০-৪৫ টকা, ৰঞ্জিত, পৰিমল ৩৫-৪০ টকা, উখোৱা চাউলৰ ৪০-৪৫ টকা, জিৰা ৰাইচ ৭০-৮০ টকা পৰ্যন্ত দাম হৈছে।
বজাৰত চাউল ক্ৰয় কৰিবলৈ গৈ থমকি ৰ'ব লগা হৈছে একাংশ গ্ৰাহক। উল্লেখ যে, ৰাজ্য চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অভিলাষী আঁচনি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ বহু দুখীয়া পৰিয়ালে বিনামূলীয়া চাউল লাভ কৰে যদিওঁ বহু পৰিয়ালৰ আধা সদস্যৰ বাবেহে চাউল আৱন্তন হয়।
লগতে আন বহু দৰিদ্ৰ পৰিয়ালে ৰাজনৈতিক আৰু নেতা পালিনেতাৰ স্বজন তোষণ নীতিৰ বাবে এটিয়াও বিনামূলীয়া চাউল লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ। পৰিপেক্ষিত সেইসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মূৰত সৰগ ভাগি পৰিছে। এমুঠি অন্নৰ বাবে আনৰ ওচৰত হাত পাতিবলৈ বাধ্য হৈ পৰিছে।
Also Read: ঐতিহাসিক ধোদৰ আলিৰ কদৰ্য ৰূপ