ডিজিটেল সংবাদ,বাক্সাঃ বাক্সা জিলাৰ সদৰ মুছলপুৰত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলৰ বৃহৎ যোগদান কাৰ্যসূচী। দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ প্ৰায় এক শতাধিক অন্য দলৰ নেতা-কৰ্মীয়ে যোগদান কৰে ইউ পি পি এল দলত।
মুছলপুৰ জিলা ইউ পি পি এল দলৰ অন্তৰ্গত আমবাৰী আৰু চনবাৰীখুটি প্ৰাথমিক সমিতিৰ উদ্যোগত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত বিধায়ক ভূপেন বড়ো উপস্থিত থাকে।
যোগদান কাৰ্যসূচীত অংশ লৈ নতুনকৈ দলত যোগ দিয়া প্ৰতিগৰাকী সদস্যকে আদৰণি জনাই বিধায়ক বড়োই।
আনহাতে আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ালেও ইউ পি পি এল দলৰ কোনো ক্ষতি নহয় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক গৰাকীয়ে।