চিদলীৰ উপ-নিৰ্বাচনত ইউপিপিএলৰ বিজয় নিশ্চিত: উৰ্খাও গৌৰা ব্ৰহ্ম

চিদলীৰ উপ-নিৰ্বাচনত ইউপিপিএলৰ বিজয় নিশ্চিত: উৰ্খাও গৌৰা ব্ৰহ্ম
Published on
Updated on

ডিজিটেল সংবাদ,চিৰাং: আগন্তুক নিৰ্বাচনত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত- এই মন্তব্য মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ। ৩১নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ মন্ত্ৰী ব্ৰহ্মই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিগত নিৰ্বাচনত চিদলী সমষ্টিত ৩১ হেজাৰ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল।কিন্তু লোকসভা নিৰ্বাচনত সমষ্টি পুনঃনিৰ্ধাৰণৰ বাবে ভোটৰ পৰিমাণ কিছু হ্ৰাস হৈছিল যদিও আগন্তুক উপ-নিৰ্বাচনত বিজেপি, এজিপি দলৰ মিত্ৰজোঁট হিচাপে ইউপিপিএল দলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত।

নিৰ্বাচনত চিদলী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব লাগে কাৰণে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে। চিদলী বিধানসভা সমষ্টিত ইউপিপিএল দলৰ হৈ নিৰ্মল কুমাৰ ব্ৰহ্ম, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু ছাংগ্ৰাং ব্ৰহ্মৰ নাম উচ্চাৰিত হৈ আছে। তেনে সময়ত চিদলী সমষ্টিত কোন প্ৰাৰ্থী হবলৈ গৈ আছে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে দাবীদাৰ কেইবাজনো থাকিব পাৰে।কিন্তু প্ৰাৰ্থীৰ নাম দুই এদিনৰ ভিতৰতে দলৰ সভাপতিয়ে ঘোষনা কৰিব।

প্ৰাৰ্থী যি নহওঁক ইউপিপিএল দল হিচাপে বিজয়ী হব এয়া নিশ্চিত। বিপিএফ দলৰ সন্দৰ্ভত কয় যে, চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত তেওঁলোক অৱতীৰ্ণ হওঁক কিন্তু প্ৰতিদ্বন্দী দল হিচাপে নহয় বন্ধুত্ব সুলভ মনোভাৱেৰে অৱতীৰ্ণ হবলৈ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আহ্বান জনায়। বৃহস্পতিবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাত কাতি বিহুৰ কাৰ্য্যসূচীত যোগদান কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে মত ব্যক্ত কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

চিদলীৰ উপ-নিৰ্বাচনত ইউপিপিএলৰ বিজয় নিশ্চিত: উৰ্খাও গৌৰা ব্ৰহ্ম
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছইনিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in