কলিয়াবৰত ২৭তম "উৰছ মোবাৰক মহোৎসৱ" উদযাপন

কলিয়াবৰত ২৭তম "উৰছ মোবাৰক মহোৎসৱ" উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, কলিয়াবৰঃ বিগত বছৰৰ দৰে এইবাৰো তিনিদিনীয়া দিবা-নৈশ কাৰ্যসূচীৰে হজৰত শ্বেৰশ্বাহ ফকীৰ (ৰহঃ)ৰ দৰগাহশ্বৰীফ জয়ন্তীপুৰ কলংপাৰত উদযাপন কৰা হয় ২৭তম উৰছ মোবাৰক" মহোৎসৱ আৰু "শ্বৰে মেৰাজ”।

শ্বাহচুফী আলহাজ আব্দুৰ ৰহমান ফকীৰ চাহেব আৰু দৰগাহ কমিটিৰ তত্বাৱধানত চুফী পৰম্পৰা মতে উদযাপন কৰা উৰছ মোবাৰক আৰু পৱিত্ৰ শ্বৰে মেৰাজ উপলক্ষে শুকুৰবাৰে পুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে শ্বাহচুফী আলহাজ আব্দুৰ ৰহমান ফকীৰে।

কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্থানীয় সমাজকৰ্মী তফজ্জুল আলী আৰু পৰিয়াল বৰ্গই দৰগাহলৈ আগবঢ়োৱা মৰহুম শ্বেখ ফৰিদ আলি আৰু মৰহুমা ৰহিমা খাতুন সোঁৱৰণী স্থায়ী তোৰণৰ আনুষ্ঠানিক ফিটা কাটি মুকলি কৰে মৌলনা মইনুল হকে। উৰছ মহোৎসৱৰ কোৰান খটম আৰম্ভ কৰে মৌলনা আজিজুল হকে।

বোখাৰী আৰম্ভ কৰে মুফতী আব্দুল আৱাল লগতে মুফতী আৰিফুল্লাহ আৰু মৌলনা সকলে। শ্বাহচুফী আলহাজ আব্দুৰ ৰহমান ফকীৰ চাহেব আৰু দৰগাহ কমিটিৰ তত্বাৱধানত অনুষ্ঠিত এই উৰছ মহোৎসৱৰ আজি দ্বিতীয় দিনা পুৱা হাজী সকলৰ দ্বাৰা খতমে খাজেগান আৰু আই মাতৃ সকলৰ দ্বাৰা খতমে আম্বীয়া কাৰ্যসূছী অনুষ্ঠিত হৈ যায়। নিশালৈ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। উৰছ মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচীত সহস্ৰাধিক ইছলাম ধৰ্মী লোকে অংশগ্ৰহণ কৰে।

কলিয়াবৰত ২৭তম "উৰছ মোবাৰক মহোৎসৱ" উদযাপন
কাজিৰঙাত বাঘৰ আক্ৰমণত আহত হাতী পোৱালী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in