ইউ এছ টি এমৰ নৱম সংখ্যক সমাবর্তনঃ ১৬৫৫ জন স্নাতকক ডিগ্রী প্রদান

ইউ এছ টি এমৰ নৱম সংখ্যক সমাবর্তনঃ  ১৬৫৫ জন স্নাতকক ডিগ্রী প্রদান
Published on
Updated on

ডিজিটেল ডেস্কঃ ইউনিভাৰ্চিটা অব্ চায়েন্স এণ্ড টেকন'লজি মেঘালয়ৰ (ইউএছটিএম) নৱম সংখ্যক সমাবর্তন বৃহস্পতিবাৰে অনুষ্ঠিত হয়। শিক্ষানুষ্ঠানখনৰ উপাচার্য, মন্ত্ৰী, ৰাষ্ট্ৰদূত, প্ৰতিষ্ঠানৰ মুৰব্বী, আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সফলতাৰে অনুষ্ঠিত হয় এই সমাবৰ্তন।

মুঠতে ১৬৫৫ জন স্নাতকক ডিগ্রী প্রদান কৰা হয়, ইয়াৰে ১৪জন বিদ্যার্থীক পি এইচ ডি ডিগ্ৰী, ৬৬৯জন ছাত্ৰ-ছাত্ৰীক স্নাতকোত্তৰ ডিগ্ৰী আৰু ৯৭২জন ছাত্ৰ-ছাত্ৰীক স্নাতক ডিগ্রী প্রদান কৰা হয়।

ইউ এ ইৰ ই.এফ এছ ফেচিলিটিজ চাৰ্ভিচেছ গ্ৰুপৰ চিইঅ' তাৰিক চৌহান, নতুন দিল্লীৰ শিক্ষা সাংস্কৃতিক উত্থান ন্যাসৰ ৰাষ্ট্ৰীয় সম্পাদক ড° অতুল কোঠাৰী আৰু মেঘালয় ব্যক্তিগত বিশ্ববিদ্যালয় নিয়ন্ত্রণ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ এল ৰয়ে মেঘালয়ৰ ৰাজ্যপালৰ পৰা সন্মানীয় ডি.লিট ডিগ্রী লাভ কৰে।

দীক্ষান্ত সমাৰোহত সভাপতিত্ব কৰে মেঘালয়ৰ ৰাজ্যপাল তথা ইউএছটিএম ভিজিটৰ ফাগু চৌহানে। সমাৱৰ্তনত ভাষণ প্ৰদান কৰে নতুন দিল্লীৰ জে এন ইউৰ উপাচাৰ্য অধ্যাপক সম্ভিশ্রী ডি পণ্ডিতে। সমাৱৰ্তনত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে মেঘালয়ৰ কলা আৰু সংস্কৃতি, সমাজ কল্যাণ মন্ত্রী পল লিংডো, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভু নাথ সিং, অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক আৰ এম পন্ত, নেহুৰ উপাচার্য অধ্যাপক প্রভা শংকৰ শুক্লা, মিজোৰাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দিবাকৰ চন্দ্ৰ ডেকা, কেন্দ্রীয় বিশ্ববিদ্যালয়, পঞ্জাৱৰ উপাচার্য অধ্যাপক বাঘবেন্দ্র পি তিৱাৰী, কেন্দ্রীয় জনজাতি বিশ্ববিদ্যালয়, অন্ধ্ৰ প্ৰদেশৰ উপাচাৰ্য অধ্যাপক টি.ভি. কাতিমনি, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, মেঘালয়ৰ অধ্যাপক ইন্দ্ৰজিত ডুবে, সঞ্চালক, এনআইটি, মেঘালয়ৰ অধ্যাপক পিনাকেশ্বৰ মহন্ত আৰু ইউএছটি এমৰ আচাৰ্য মহবুবুল হক আৰু ইউ এছটি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শর্মা।

আফ্ৰিকাৰ পাঁচখন দেশৰ ৰাষ্ট্রদূতেও এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। তেওঁলোক হৈছে ভাৰতত তাজিকিস্তানৰ ৰাষ্ট্রদূত লুকমন ববোকালনজোডা, ভাৰতত মংগোলিয়াৰ ৰাষ্ট্রদূত গনবল্ড ডাম্বাজাভ, ভাৰতত বটছৱানাৰ ৰাষ্ট্ৰদূত গিলবার্ট শ্বিমানে মেংগোলে আৰু জিম্বাবুৱে ৰিপাব্লিকৰ মিছনৰ উপ মুৰব্বী আৰু চান্সেৰী দূতাবাসৰ মুৰব্বী পিটাৰ হবৱানি।

স্নাতকসকলক অভিনন্দন জনাই মেঘালয়ৰ ৰাজ্যপা ফাও চৌহানে কয়, “বিশ্ববিদ্যালয়খন ইয়াৰ প্ৰতিষ্ঠাপক মহবুবুল হকৰ দৃষ্টিভংগীৰ পৰিণাম, যিটোৱে অঞ্চলটোৰ জনসাধাৰণক শিক্ষাৰ দ্বাৰা সৰলীকৰণ কৰি তেওঁলোকৰ জীৱন সলনি কৰিব। মই জানি আনন্দিত যে ইউএডটিএম য়ে অর্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ প্ৰাপ্য ছাত্র-ছাত্রীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে, যাৰ ফলত উচ্চ শিক্ষা সুলভ আৰু সমতাপূৰ্ণ হৈ থকাটো নিশ্চিত কৰা হৈছে।” তেওঁ সকলো সন্মানীয় ডি.লিট প্রাপকক অভিনন্দন জনায় আৰু বঁটা প্ৰাপকসকলে কৰা মহান কামৰ স্বীকৃতি দিয়াৰ বাবে ইউএছটি এমক ধন্যবাদ জনায়।

ইউএফটিএমৰ আচাৰ্য মহবুবুল হকে তেওঁলোকৰ সমাবর্তনত অংশগ্রহণ কৰা সকলোকে আদৰণি জনাই কয়, “আমি বিশ্বমানৰ বিশ্ববিদ্যালয় হোৱাৰ আকাংক্ষা কৰিছো আৰু এই বিশ্ববিদ্যালয়খনক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাত আমাৰ সৈতে যোগদান কৰিবলৈ আৰু এনেকৈয়ে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সকলো অংশীদাৰক আহ্বান জনাইছে।" ইউএছটিএম স্থাপনৰ ক্ষেত্ৰত মেঘালয় চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবেও তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।

ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ প্ৰতিবেদন দাখিল কৰে ইউএছটি এমৰ উপাচার্য অধ্যাপক জি ডি শৰ্মাই। ইয়াৰ পিছতে ডিগ্ৰী আৰু স্বর্ণ পদক প্রদান কৰা হয়। ড° এ পি জে আব্দুল কালাম শ্রেষ্ঠ পি জি ছাত্র বঁটা লাভ কৰে এম এ গ্ৰাম্য উন্নয়নৰ ঝুমা বাতুন; পি এ চাংমা শ্রেষ্ঠ ইউ জি ছাত্র বঁটা আতিকুৰ ৰহমান, বি.এছচি পদার্থ বিজ্ঞান, দৰ্শকৰ শ্রেষ্ঠ ছাত্র বঁটা লাভ কৰে লিপাতি য়েপথোমী আৰু আচার্যৰ শ্রেষ্ঠ ছাত্র বঁটা লাভ কৰে কুষালী জি আছুমী, এম এ ৰাজনীতি বিজ্ঞান।

ইয়াৰ উপৰিও নিজ নিজ বিভাগৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক ২৪টা স্বর্ণ পদক প্রদান কৰাৰ বিপৰীতে বিভিন্ন বিভাগৰ শ্রেষ্ঠ স্নাতক ছাত্ৰ ছাত্ৰীক ২২টা স্বর্ণ পদক প্রদান কৰা হয়।

সন্মানীয় ডি.লিট ডিগ্ৰী প্ৰদান কৰা হয় তাৰিক চৌহানক তেওঁৰ দানশীল, দাতব্য, আৰু মানৱীয় কাৰ্য্যকলাপৰ প্ৰতি উল্লেখযোগ্য নিষ্ঠাৰ বাবে। যিয়ে আমাৰ সমাজখনক বহু পৰিমাণে সমৃদ্ধ কৰিছে। শিক্ষা ব্যৱস্থাৰ ভিতৰত সংস্কাৰক আগুৱাই নিয়াত ড° অতুল কোঠাৰীয়ে আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে স্বীকৃতি লাভ কৰাৰ বিপৰীতে শ্ৰী এল ৰয়ে প্ৰশাসনৰ ক্ষেত্ৰত অসাধাৰণ অৱদানক স্বীকৃতি আৰু লালন-পালন কৰাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লৈ সন্মানীয় ডিগ্ৰী লাভ কৰে।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, একাডেমিক কাউন্সিলৰ সদস্য, ব'ৰ্ড অৱ গৱৰ্ণৰৰ সদস্য, বিভিন্ন বিদ্যালয়ৰ ডীন, বিভিন্ন বিভাগৰ মুৰব্বী আৰু বঁটা প্ৰাপক সকলৰ দ্বাৰা উলিওৱা এক বর্ণাঢ্য শৈক্ষিক শোভাযাত্ৰাৰে সমাৱৰ্তন আৰম্ভ হয়। শপত বাক্য পাঠ আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সমাৱৰ্তনৰ সামৰণি পৰে।

ইউ এছ টি এমৰ নৱম সংখ্যক সমাবর্তনঃ  ১৬৫৫ জন স্নাতকক ডিগ্রী প্রদান
মহানগৰীত দুদিনৰ বাবে ব্যাহত হ’ব পানী যোগান, জানক কোন কোন অঞ্চলত নাপাব পানী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in