ডিজিটেল ডেস্ক : দেশৰ কোহিনুৰ, ভোগ- বিলাসৰ পৰা নিজকে আঁতৰাই ৰাখি মিতব্যয়ী জীৱন- যাপন কৰা বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ বিয়োগত দেশৰ বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে। বুধবাৰে মাজনিশা মুম্বাইৰ ব্ৰীছকেণ্ডী হাস্পতালত বিয়োগ ঘটে ৰতন টাটাৰ। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৮৬ বছৰ।
মানৱদৰদী হোৱাৰ লগতে জীৱ- জন্তুৰ প্ৰতিও অকৃত্ৰিম মৰম আৰু স্নেহৰে ভৰা কোমল অন্তৰৰ গৰাকী আছিল ৰতন টাটা। এইগৰাকী স্বনামধন্য উদ্যোগপতি তথা আধুনিক ভাৰতৰ খনিকৰ ৰতন টাটাৰ বিয়োগত আজি শোকে- তাপে ম্ৰিয়মান সমগ্ৰ দেশবাসী।
সেয়ে তেঁওৰ মৃত্যুত শোক প্ৰকাশ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লিখিছে- ৰতন টাটা এজন দূৰদৰ্শী ব্যৱসায়ী, এজন সহানুভূতিশীল আত্মাৰ অধিকাৰী। এজন অসাধাৰণ ব্যক্তিৰ গৰাকী আছিল। তেওঁৰ নম্ৰতা, দয়া আৰু সমাজক উন্নত কৰাৰ প্ৰতি যি অটল প্ৰতিশ্ৰুতি, এইসমূহ গুণে তেঁওক ৰাইজৰ মাজত জনপ্ৰিয় কৰি তুলিছিল।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ৰতন টাটাৰ বিয়োগ অসমৰ বাবে অপূৰণীয় ক্ষতি। অসমৰ মানুহে এজন শুভাকাংক্ষীক হেৰুৱালে। অসমৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত ৰতন টাটাই অসমৰ জনসাধাৰণৰ হৃদয় আৰু মনত এক বিশেষ স্থান দখল কৰিছিল।
তেওঁ অসমৰ কল্যাণৰ বাবে তেঁও কৰিছিল অহোপুৰুষাৰ্থ। জাগীৰোডত টাটাৰ দ্বাৰা স্থাপন কৰা প্ৰকল্পই আমাৰ যুৱসকলৰ বাবে কেইবাটাও নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
মোৰ বাবে এইটো এটা ব্যক্তিগত ক্ষতি। তেওঁৰ সৈতে হোৱা মোৰ প্ৰতিটো বাৰ্তালাপে মোক ধন্য কৰি তুলিছিল। তেওঁৰ সৰলতা আৰু নম্ৰতা মই কেতিয়াও পাহৰিব নোৱাৰিম বুলি উল্লেখ কৰে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে কয়- ৰতন টাটা এগৰাকী জীৱন্ত কিংবদন্তী আছিল। তেঁও ভাৰতৰ কোহিনুৰ। ৰতন টাটা ভাৰতৰ গৌৰৱ। নতুন প্ৰজন্মৰ বাবে তেঁও সদায়ে আদৰ্শ হৈ ৰ’ব।
কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয়- কিংবদন্তী উদ্যোগপতি আৰু প্ৰকৃত জাতীয়তাবাদী আছিল ৰতন টাটা। নিঃস্বাৰ্থভাৱে তেখেতে দেশৰ বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- বহুসময়ত ৰতন টাটাৰ সৈতে মই বাৰ্তালাপ কৰা আৰু বহুত ভাল লগা স্মৃতি আছে। দেশৰ বাবে বিকাশৰ বাবে তেওঁৰ দৃষ্টিভংগী সদায়ে অনুপ্ৰেৰণাদায়ক। তেওঁ অসমৰ বাবে এজন শুভাকাঙ্খী আছিল। তেঁওক আমি সকলোৱে সদায় মৰমেৰে স্মৰণ কৰি থাকিম।
সঁচাকৈ আধুনিক ভাৰতৰ খনিকৰ ৰতন টাটাৰ বিয়োগ দেশৰ বাবে অপূৰণীয় ক্ষতি। প্ৰকৃতাৰ্থত এগৰাকী 'মানুহ' আছিল ৰতন টাটা। এইগৰাকী মহান ব্যক্তিৰ মৃত্যুত সকলোৱে আজি ম্ৰিয়মান।
Also Read: বিশিষ্ট উদ্যোগপতি,মানৱদৰদী ৰতন টাটা আৰু নাই