ডিজিটেল ডেস্ক : ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত ধন লেন-দেনৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ ঘটনাই প্ৰতি দিনে লৈছে নতুন মোৰ । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ মন্তব্য অনুসৰি সমগ্ৰ অভিযোগটো ভুলকৈ উপস্থাপন কৰি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল যুৱক জনক ।
তেনেস্থলত ভিক্টৰ দাসৰ ওপৰত ৰুজু হ'ব লাগিছিল ভাৰতীয় পিনেল ক'ড অনুসৰি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ বাবে ধাৰা ৪২৫ অথবা চৰকাৰৰ ওপৰত মানহানি গোচৰৰ ভিত্তিত ধাৰা ৪৯৯ আৰু ভুল তথ্য প্ৰদানৰ বাবে ধাৰা ২০১ ।
কিন্তু ভিক্টৰ দাসৰ ওপৰত ৰুজু কৰা গোচৰ অনুসৰি অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে ধাৰা ১২০ (বি), প্ৰতিবাদ অথবা অশান্ত পৰিষ্ঠিতি সৃষ্টিৰ বাবে ধাৰা ১৫৩, ধৰ্মীয় বিদ্বেষ সৃষ্টি কৰাৰ বাবে ধাৰা ১৫৩ (এ), ধন দাবী কৰাৰ বাবে ধাৰা ৩৮৪, ভুৱা বাতৰি বিয়পোৱাৰ বাবে ধাৰা ৫০৫ (বি) আৰু অপৰাধ সংঘটিত কৰিবলৈ বিচৰা বাবে ধাৰা ৫১১ ।
উল্লেখ্য যে, এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা অংশুমান বৰাই দিয়া ভাষ্য অনুসৰি ধৰ্মীয় বিদ্বেষ আৰু ধন দাবীৰ গোচৰ দুটা হাস্যকৰ ঘটনা । আনহাতে, এটি অপৰাধ সন্দৰ্ভত আৰক্ষী জ্ঞাত হোৱাৰ পাছতেই ভাৰতীয় সংবিধান অনুসৰি জ্ঞানপ্ৰাপ্ত অপৰাধ হিচাপে অভিযোগ এটি ৰুজু কৰাতো আৰক্ষীৰ দ্বায়িত্ব । তেনে স্থলত, ভিক্টৰ দাসৰ অভিযোগ ৰুজু নকৰাটো হে অপৰাধ | ভিক্টৰ দাসৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান কৰি কোনো তথ্য লাভ নকৰিলে হে পৰৱৰ্তী সময়ত ভিক্টৰ দাসৰ ওপৰত চলাব পাৰে তদন্ত ।
এই সমগ্ৰ গ্ৰেপ্তাৰ প্ৰক্ৰিয়াটো ৰূপকাত্মক নেকি ? কেৱল ভিক্টৰ দাসকেই নে ইয়াৰ পৰৱৰ্তী সময়ত উত্থাপন হ'ব পৰা এনে সকলো অভিযোগ গ্ৰেপ্তাৰ হোৱাৰ অথবা আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত ৰুজু নকৰাবলৈ এই পদক্ষেপ ? অভিযোগ এটি উত্থাপন হ'লে তাৰ ওপৰত তদন্ত কৰা উচিত নে অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰা উচিত বুলিও প্ৰশ্ন কৰে অধিবক্তা অংশুমান বৰাই ।