ডিজিটেল ডেস্ক : শুকুৰবাৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ভিক্টৰ দাসৰ। উল্লেখ্য যে ৭ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিছিল ভিক্টৰ দাসক। আজি চি.জি.এম. আদালতত হাজিৰ কৰোৱা হ’ব ভিক্টৰক।
আনহাতে, আৰক্ষীয়ে ভিক্টৰক পুনৰ নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে। পাণবজাৰ থানাৰ লকআপত হঠাৎ অসুস্থ হৈ পৰিছে ভিক্টৰ দাস। স্বাস্থ্যৰ অৱনতি ঘটিছে ভিক্টৰৰ। চৰকাৰী চাকৰিৰৰ নামত চলা দালালৰাজৰ বিষয়ে অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ।
উল্লেখ্য যে আৰক্ষীয়ে ৭ দিনৰ জিম্মাত লৈয়ো ম্যাদ উকলাৰ পাছত পুনৰ ভিক্টৰক নিজৰ জিম্মাত লোৱাৰ কথাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।