ডিজিটেল ডেস্কঃ এইবাৰ আন এজন চৰকাৰী বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত। ৫ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন আৰক্ষী বিষয়া। লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া মেৰাফৎ আলীয়ে গোচৰৰ নামত টকালৈ হাতে-লুটে ধৰা পৰে।
জানিব পৰা মতে থানাখনৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়াৰ দ্বায়িত্বত আছিল আলী। অভিযোগ অনুসৰি এজন লোকৰ গোচৰ সমাধানৰ নামত টকা লৈছিল বিষয়াজনে। লোকজনৰ পৰা টকা লোৱাৰ সময়তে হাতে-লুটে ধৰা পৰে বিষয়াজন।
উল্লেখ্য বিগত সময়ছোৱাত উৎকোচ লোৱাৰ অভিযোগত বিভিন্ন বিভাগৰ বহু কেইজন চৰকাৰী বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰি ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এজনৰ পাছত আনজন চৰকাৰী বিষয়া উৎকোচ লৈ ধৰা পৰাৰ খবৰ সময়ে সময়ে বিয়পি পৰাৰ পাছতো সু-বুদ্ধি হোৱা নাই একাংশ বিষয়াৰ।
Also Read: ৭ অক্টোবৰত চৰাইদেউ পাব ইউনেস্ক’ৰ দল