সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেলক কেন্দ্ৰ কৰি বকোত ব্যাপক চৰ্চা…

সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেলক কেন্দ্ৰ কৰি বকোত ব্যাপক চৰ্চা…

author-image
asomiyapratidin
New Update
সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেলক কেন্দ্ৰ কৰি বকোত ব্যাপক চৰ্চা…

ডিজিটেল সংবাদ,বকো : সামাজিক মাধ্যমত পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীক একাংশ লোকে চাৰি হেজাৰ টকা ঘুৰাই দিবলৈ কোৱা ভি ডি অ' সামাজিক মাধ্যমত ভাইৰেল হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত লামপাৰা চ'কত যোৱা ২৭আগষ্টৰ দিনা পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে এখন ট্ৰেক্টৰৰ পৰা চাৰি হেজাৰ টকা দাবী কৰি উৎকোচ লয় ।

সেই সময়ত ট্ৰেক্টৰখনৰ আশে-পাশে থকা একাংশ লোকে ইয়াৰ প্ৰতিবাদ জনাই পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীক ঘেৰি ধৰে । লগতে সাধাৰণ মানুহৰ পৰা এনেদৰে উৎকোচ ল'লে কেনেদৰে মানুহ জীয়াই থাকিব বুলি প্ৰশ্ন উত্থাপন কৰে । আনকি পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ওচৰত টকাখিনি ঘূৰাই দিবলৈ দাবী জনায় । এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছৰে পৰা ব্যাপক চৰ্চা লাভ কৰিছে ।

অভিযোগ মতে পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে দিনৰ ভাগত বকোৰ বিভিন্ন ঠাইত উপযুক্ত নথিপত্ৰ নথকা যান-বাহনৰ বিৰুদ্ধে অভিযান চলাই ঘূৰি যোৱাৰ সময়ত পেট্ৰল পাম্পকে ধৰি সহজে মানুহৰ দৃষ্টি নপৰা ঠাইবোৰত সোমাই কৌশলেৰে ট্ৰেক্টৰ আদি যান-বাহন জব্দ কৰি উৎকোচ দাবী কৰে । সেই উৎকোচ লোৱা টকাৰে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে হোটেল চাহ-ভাত খাই যায় বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে । সেই দিনাৰ ঘটনা সন্দৰ্ভত অৱশ্যে বকো আৰক্ষী থানাত কোনোধৰণৰ তথ্য নাই বুলি জানিব পৰা গৈছে ।

আৰু পঢ়কঃ নগ'ল নেকি মোগল !

assam BOKO hbs boko police