বিশাল-চুমি কাণ্ডঃ সোধপোছৰ বাবে এজন জনপ্ৰিয় সাংবাদিকক তলব ডিব্ৰুগড় আৰক্ষীৰ...

বিয়লি ৪ বজাত ডিব্ৰুগড় সদৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ
বিশাল-চুমি কাণ্ডঃ সোধপোছৰ বাবে এজন জনপ্ৰিয় সাংবাদিকক তলব ডিব্ৰুগড় আৰক্ষীৰ...
বিশাল-চুমি কাণ্ডঃ সোধপোছৰ বাবে এজন জনপ্ৰিয় সাংবাদিকক তলব ডিব্ৰুগড় আৰক্ষীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি ব্যাপক চৰ্চিত বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰীৰে বিভিন্নজনৰ নাম ইতিমধ্যে জড়িত হৈ পৰিছে। চি বি আইয়ে তদন্ত কৰি থকা এই গোচৰত এইবাৰ সোধপোছৰ বাবে তলব কৰিছে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় সাংবাদিকক।

ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নম্বৰ ৩৫২/২০২৪ ৰ সন্দৰ্ভত সোধপোছৰ বাবে তদন্তকাৰী বিষয়াই ২৮ ছেপ্টেম্বৰত তলব কৰিছে সাংবাদিক চক্ৰপানী পৰাশৰক। তেওঁক তদন্তকাৰী বিষয়াই আবেলি ৪ বজাত ডিব্ৰুগড় সদৰ থানাত হাজিৰ হ'বলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে।

বিশাল-চুমিৰ সন্দৰ্ভত সোধপোছ কৰিব পৰাশৰক। উল্লেখযোগ্য যে, দুবাৰকৈ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ বিশাল চুমিক জেৰা কৰাৰ অন্তত এইবাৰ আন একাংশ লোকক এই গোচৰৰ সন্দৰ্ভত সোধপোছ কৰিছে আৰক্ষীয়ে।

চুমিক পলায়নত সহায় কৰা ৰাজ্যৰ এজন বিয়াগোম সাংবাদিককো অচিৰেই আৰক্ষীয়ে জেৰা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে কেইবাজনো অভিনেতা, অভিনেত্ৰী আৰু গায়ককো আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত সোধপোছ কৰিব বুলি জানিব পৰা গৈছে।

বিশাল-চুমি কাণ্ডঃ সোধপোছৰ বাবে এজন জনপ্ৰিয় সাংবাদিকক তলব ডিব্ৰুগড় আৰক্ষীৰ...
গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-1, RCC-2 ৰ ছাত্ৰৰ সংঘাতঃ সুৰাৰ বটল, শিলগুটিৰে আক্ৰমণ, প্ৰত্যাক্ৰমণত কেইবাজনো আহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in