Vishwakarma Puja: ১৭ ছেপ্টেম্বৰতে কিয় হয় বিশ্বকৰ্মা পূজা?

আন আন পূজাৰ দিন ইংৰাজী কেলেণ্ডাৰত সলনি হয়, সলনি নহয় বিশ্বকৰ্মা পূজাৰ
Vishwakarma Puja: ১৭ ছেপ্টেম্বৰতে কিয় হয় বিশ্বকৰ্মা পূজা?
Vishwakarma Puja: ১৭ ছেপ্টেম্বৰতে কিয় হয় বিশ্বকৰ্মা পূজা?
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰতি বছৰে কেলেণ্ডাৰ সলনি হয়। সেই অনুসৰিয়েই সলনি হয় পঞ্জিকাও। এই পঞ্জিকা অনুসৰিয়েই নিৰ্ধাৰণ হয় তিথি তথা সেই তিথি অনুসৰি বিভিন্ন পূজা বা অন্যান্য আধ্যাত্মিক, ধৰ্মীয় সূচী।

কেলেণ্ডাৰ, পঞ্জিকা সলনি হোৱাৰ দৰেই প্ৰতি বছৰেই দুৰ্গা পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজা আদৰ দিন সলনি হয়। অতি সৰলভাৱে ক'বলৈ হ'লে বিগত বছৰত ইংৰাজীৰ যি তাৰিখত দুৰ্গা পূজা, সৰস্বতী পূজা অথবা গণেশ পূজা আদি অনুষ্ঠিত হৈছিল এইবাৰ সেই একেই তাৰিখত অনুষ্ঠিত হোৱা নাই বা নহয়।

কিয়নো এনে পূজাৰ দিন নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত দিনৰ বিপৰীতে তিথিৰ ওপৰতহে গুৰুত্ব দিয়া হয়। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম বিশ্বকৰ্মা পূজা। প্ৰতি বছৰে ১৭ ছেপ্টেম্বৰৰ দিনটোতেই অনুষ্ঠিত হৈ আহিছে বিশ্ব খনিকৰ হিচাপে পৰিচিত বিশ্বকৰ্মাৰ পূজা।

এনে হোৱাৰ কাৰণ সম্পৰ্কে আপুনি কেতিয়াবা ভাবি চাইছেনে? অথবা এই বিষয়ে আপুনি জানেনে? যিসকলে নাজানে তেওঁলোকে এই বিষয়ে জানিবলৈ পঞ্জিকা ওলোটাই চোৱাৰ প্ৰয়োজন।

হিন্দু ধৰ্মীয় সকলো দেৱ-দেৱীৰে পূজাৰ তিথি নিৰ্ভৰ কৰে চন্দ্ৰ গতি-প্ৰকৃতিৰ ওপৰত। পঞ্জিকা অনুসৰিয়েই বাকী দেৱ-দেৱীসকলৰ পূজাৰ দিন-বাৰ নিৰ্ধাৰিত হয়। কিন্তু বিশ্বকৰ্মাৰ পূজাৰ দিন নিৰ্ধাৰণ কৰা হয় সূৰ্যৰ গতি-প্ৰকৃতিৰ ওপৰত।

যেতিয়াই সূৰ্যই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিলৈ গমন কৰে, তেতিয়াই আৰম্ভ হয় উত্তৰায়নৰ। লগে লগে সাৰ পাই উঠে নিদ্ৰাৰত দেৱ-দেৱীসকল। ঠিক এই সময়তে অনুষ্ঠিত হয় বিশ্বকৰ্মা পূজা। হিন্দু পঞ্জিকাৰ দুই প্ৰধান শাখা সূৰ্যসিদ্ধান্ত আৰু বিশুদ্ধ সিদ্ধান্ত উভয়েই এই বিষয়ত একমত পোষণ কৰিছে।

আনহাতে, পঞ্জিকা অনুযায়ী প্ৰতি বছৰে ভাদ মাহৰ অন্তিম দিনটোত নিৰ্ধাৰিত হয় বিশ্বকৰ্মা পূজাৰ দিন। পঞ্জিকা মতে, ভাদ সংক্ৰান্তিৰ পূৰ্বৰ ৫টা মাহৰ নিৰ্ধাৰিত দিনৰ সংখ্যা হৈছে ১৫৬ দিন।

এই নিয়ম অনুযায়ীও প্ৰতি বছৰে ইংৰাজী কেলেণ্ডাৰৰ ১৭ ছেপ্তেম্বৰৰ দিনটোতে নিৰ্ধাৰিত হয় বিশ্বকৰ্মা পূজা। কোনো বছৰত যদি এই ৫টা মাহৰ কোনো এটা মাহ ২৯ বা ৩২ দিনীয়া হয় তেতিয়াই বিশ্বকৰ্মা পূজা এদিন আগুৱাই যায়। অৱশ্যে এয়া খুবেই বিৰল।

এই বছৰো ব্যতিক্ৰম হোৱা নাই এই নিয়মৰ। সূৰ্যই চিৰাচৰিত নিয়ম অনুযায়ী প্ৰৱেশ কৰিছে কন্যা ৰাশিত। হীনদেঢ়ি হোৱা নাই পঞ্জিকাৰ নিয়মৰ। এনেদৰেই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিশ্বকৰ্মা পূজা ১৭ ছেপ্টেম্বৰতেই অনুষ্ঠিত হ'ব।

বিশ্বকৰ্মা পূজাৰ আগমণৰ লগে লগে সমগ্ৰ দেশতে আৰম্ভ হ'ল উৎসৱৰ এক পৰিৱেশ। সলনি হৈছে ঋতু, প্ৰকৃতি। বৰ্ষাৰ অন্তত আহিছে শৰৎ। শৰৎ মানেই তল সৰা শেৱালি, শৰৎ মানেই দুবৰিত ফুল তোলা নিয়ৰৰ টোপাল, শৰৎ মানেই কহুঁৱা, শৰৎ মানেই দুৰ্গা পূজা আৰু ক'ত যে কি?

Vishwakarma Puja: ১৭ ছেপ্টেম্বৰতে কিয় হয় বিশ্বকৰ্মা পূজা?
ভাল দিন, বেয়া দিন সকলো সময়তে কেজৰিৱালৰ প্ৰথম পছন্দ মঙলবাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in