ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাহৰবাৰীত দেওবাৰে এটা দুস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ কৰা হয় ৷ নাহৰবাৰীৰ পথাৰত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে ঈগলটো ৷
ৰাইজে জানিবলৈ দিয়া মতে কোনো দুস্কৃতিকাৰীয়ে ঈগলটোক আক্ৰমণ কৰাত চৰাইটোৱে গুৰুতৰ আঘাত পায় ৷ গুৰুতৰ ভাৱে আহত ঈগলটো উৰিব নোৱাৰি পথাৰত পৰি থকা অৱস্থাত স্থানীয় প্ৰকৃতি প্ৰেমী গোবিন হাজৰিকাই ৰাইজৰ সহযোগত উদ্ধাৰ কৰি সম্প্ৰতি ডিপলোঙা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ক গটাই দিয়ে ৷
বন বিভাগে আহত ঈগল চৰাইটোক উন্নত চিকিৎসা প্ৰদান কৰি বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে বন বিষয়াই ।
আৰু পঢ়ক: পেট্ৰ'ল প্ৰতি লিটাৰ ৩৫ টকা, কেৰাচিনত প্ৰতি লিটাৰ ১৮ টকাকৈ বাঢ়িব মাজৰাতিৰ পৰা!