একেখন মঞ্চতে বাক-যুদ্ধত লিপ্ত বিধায়ক আৰু যুৱ নেতা

একেখন মঞ্চতে বাক-যুদ্ধত লিপ্ত বিধায়ক আৰু যুৱ নেতা
Published on
Updated on

ডিজিটেল সংবাদ, বৰবৰুৱা: অসম চাহ জনজাতি ছাত্ৰ সন্থা বৰবৰুৱা শাখাই মেডেলা খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিল কৰম সন্মিলন। দ্বিতীয় দিনাৰ কাৰ্যসূচী মৰ্মে অনুষ্ঠিত কৰিছিল মুকলি সভা।মুকলি সভা চলি থকা অৱস্থাত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে বিভিন্ন উন্নয়নমূলক কামসমূহৰ খতিয়ান দাঙি ধৰাৰ লগতে জাতীয় সংগঠন সমূহক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

একেখন সভাতে উপস্থিত জাতীয়তাবাদী নেতা উদয়ন কুমাৰ গগৈয়ে বিধায়ক চক্ৰধৰ গগৈৰ কথাৰ প্ৰত্যুত্তৰ দি নিজৰ ভাষণত কয় যে, অসম ৰাজনৈতিক হত্যাৰ বলি হ'বলৈ গৈ আছে।ৰাজ্যৰ শিক্ষা বিভাগে পাঠ্যক্ৰমৰ পৰা ভূগোল আৰু বুৰঞ্জী উঠাই দি অসমৰ ইতিহাস লুপ্ত কৰিব বিচাৰিছে। ইয়াকে লৈ এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় লৈ উঠিব বুলিও উল্লেখ কৰে জাতীয়তাবাদী নেতা গৰাকীয়ে।

একেখন মঞ্চতে বাক-যুদ্ধত লিপ্ত বিধায়ক আৰু যুৱ নেতা
ৰাজ্য়ত পুনৰ ধৰ্ষণকাৰীৰ হাতত প্ৰাণ হেৰুৱালে কিশোৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in