মূলসুঁতিলৈ বিদ্ৰোহী সংগঠন APLAৰ ৩৯ কেডাৰ

বোকাজানত বিদ্ৰোহী সংগঠন APLAৰ অস্ত্ৰ সম্বৰণ
মূলসুঁতিলৈ বিদ্ৰোহী সংগঠন APLAৰ ৩৯ কেডাৰ
Published on
Updated on

ডিজিটেল সংবাদ,বোকাজানঃ আদিবাসী সশস্ত্ৰ সংগঠন APLAৰ অস্ত্ৰ সম্বৰণ। আদিবাসী উগ্ৰপন্থী সংগঠনটোৰ কেডাৰসকলে সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে। শুকুৰবাৰে বোকাজান আৰক্ষী থানাত অস্ত্ৰ সম্বৰণ কৰে সংগঠনটোৰ ৩৯ জন সদস্যই।

আৰক্ষীয়ে জনোৱা অনুসৰি, আসাম ৰাইফল আৰু অসম পুলিচৰ যৌথ প্ৰচেষ্টাত মূলসুঁতিলৈ ঘূৰি আহে আদিবাসী বিদ্ৰোহী সংগঠনটোৰ এইসকল কেডাৰ। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু চেণ্ট্ৰেল ৰেঞ্জৰ IGP দেৱজ্যোতি মুখাৰ্জীৰ আৰু বহু কেইজন বিষয়াৰ উপস্থিতিত সংগঠনটোৰ সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰে।

মুঠ ৩৯ জন কেডাৰে একেলগে উক্ত অনুষ্ঠানত অস্ত্ৰ সম্বৰণ কৰে ।সংগঠনটোৰ কেডাৰসকলে ৪ টা AK 47, ৭টা ৰাইফল, ২০টা পিষ্টল, ২টা সক্ৰিয় গ্ৰেনেড আৰু বহু সক্ৰিয় জাঁ‌ই গুলি অসম আৰক্ষীক প্ৰদান কৰে।

মূলসুঁতিলৈ বিদ্ৰোহী সংগঠন APLAৰ ৩৯ কেডাৰ
AECৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড০ কল্যাণ কলিতাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in