ডিজিটেল ডেস্কঃ ২ অক্টোবৰ, মঙ্গলবাৰে মহালয়া। ধৰালৈ নামিদ দেৱী দুৰ্গা। দুৰ্গা পূজাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰস্তুতি তীব্ৰতৰ হোৱাৰ সময়তে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা বতৰৰ আগলি বতাৰই এতিয়া দুৰ্গা পূজাৰ এই প্ৰস্তুতিত বাধা দিয়াৰ সম্ভাৱনাই দেখা দিছে।
বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৫ দিনৰ বাবে জাৰি কৰা বতৰৰ আগলি বতৰা অনুসৰি কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কেইবাখনো জিলাত জাৰি কৰা হৈছে য়েল্ল' আৰু অৰেঞ্জ এলাৰ্ট। ইয়াকে অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে য়েল্ল' এলাৰ্ট জাৰি কৰা জিলাসমূহত বিজুলী, ঢেৰেকনিৰে ঠাই বিশেষে বৰষুণ অহাৰ সম্ভাৱা আছে।
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি ১ অক্টোবৰ, মঙ্গলবাৰে ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাওঁ, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। এই জিলা কেইখনত বিজুলী, ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে।
২ অক্টোবৰত ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাওঁ, নলবাৰী, নগাওঁ, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ধেমাজি, যোৰহাট, ডিব্ৰুগড়, তিনিচুিকীয়া, ডিমা হাচাও, হাইলাকান্দি জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। তাৰোপৰি এই দিনটোত কৰিমগঞ্জ আৰু কাছাৰ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। এই দুয়োখন জিলাত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱন আছে।
৩ অক্টোবৰত দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাওঁ, নলবাৰী, মৰিগাওঁ, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, হাইলাকন্দি, কৰিমগঞ্জ জিলাত আছে য়েল্ল' এলাৰ্ট। একেটা দিনতে শোণিতপুৰ, নগাওঁ, চিৰাং, কোকৰাঝাৰ আৰু ধুবুৰী জিলাত আছে অৰেঞ্জ এলাৰ্ট।
৪ অক্টোবৰত ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাওঁ, বজালী, নগাওঁ, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ জিলাত আছে য়েল্ল' এলাৰ্ট। সেইদৰে ৫ অক্টোবৰত কোকৰাঝাৰ, বঙাইগাওঁ, গোলাঘাট, বিশ্বনাথ, লখিমপুৰ, ধেমাজি জিলাত আছে য়েল্ল' এলাৰ্ট।
বতৰ বিজ্ঞান কেন্দ্ৰৰ এনে আগজাননীয়ে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে পূজাৰ প্ৰস্তুতিত প্ৰতিকূল বতৰে ব্যাঘাত জন্মোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। আজি বতৰ বিজ্ঞান কেন্দ্ৰৰ এনে আগজননী অনুসৰিয়েই ৰাজ্যৰ কেইবাখনো জিলাত পুৱাৰে পৰা পাতলীয়া বৰষুণ অহা দেখবিলৈ পোৱা গৈছে। সেয়ে যদি বতৰ বিজ্ঞান কেন্দ্ৰৰ এই পূৰ্বানুমান সম্পূৰ্ণ সত্য হয় তেন্তে শাৰদীয় উৎসৱৰ মাদকতা লোৱাত যে প্ৰভাৱ পৰিব সেয়া স্পষ্ট।
Also Read: মুকলি হ'ল কাজিৰঙা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানঃ থাকিব চাইক্লিং, হাইকিং, ট্ৰেকিঙৰো সুবিধা...