বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জাননীঃ আহিব বতাহ, বৰষুণ আৰু বিজুলী...

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জাননীঃ আহিব বতাহ, বৰষুণ আৰু বিজুলী...
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জাননীঃ আহিব বতাহ, বৰষুণ আৰু বিজুলী...
Published on
Updated on

ডিজিটেল ডেস্কঃ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই আগন্তুক ৫ দিনৰ বাবে জাৰি কৰিছে বতৰৰ আগলি বতৰা। সেই অনুসৰি ২৬ জুনৰ পৰা ৩০ জুনলৈ ৰাজ্যৰ কেইবাখনো জিলাত হালধীয়া আৰু কমলা সতৰ্কতা জাৰি কৰিছে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কতা অনুসৰি ২৬ জুন, বুধবাৰে গোৱালপাৰা, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাওঁ, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ (গ্ৰাম্য), কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমঞ্জত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। এই সময়ছোৱাত বিজুলী, ঢেৰেকনী, ব্ৰজপাতেৰে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।

সেইদৰে ২৭ জুন, বৃহস্পতিবাৰে ধুবুৰী, দক্ষিণ শালমৰা মানকাচৰ, গোৱালপাৰা, চিৰাং, বৰপেটা, বঙাইগাওঁ,কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ), দৰং, ওদালগুৰি, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, মাজুলী, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত আছে হালধীয়া সতৰ্কতা।

২৮ জুন, শুকুৰবাৰেও ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কোকৰাঝাৰ, মৰিগাওঁ, নগাওঁ, হোজাই, গোলাঘাট, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, তিনিচুকীয়া, কাছাৰ জিলাত আছে হালধীয়া সতৰ্কতা। একেটা দিনতে পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও জিলাত আছে কমলা সতৰ্কতা। এই সময়ছোৱাত জিলা কেইখনত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। ২৯ জুন শনিবাৰে কোকৰাঝাৰ, লখিমপুৰ, ধেমাজি, যোৰহাট, কৰিমগঞ্জত হালধীয়া আৰু পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাচাও আৰু কাছাৰ জিলাত আছে কমলা সতৰ্কতা।

৩০ জুন দেওবাৰে ধুবুৰী, দক্ষিণ শালমৰা মানকাচৰ, কোকৰাঝাৰ, লখিমপুৰ, হাইলাকান্দি, কৰিমগঞ্জত হালধীয়া আৰু পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ জিলাত আছে কমলা সতৰ্কতা।

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জাননীঃ আহিব বতাহ, বৰষুণ আৰু বিজুলী...
ছহিদ কুশল কোঁৱৰ চিকিৎসালয়ৰ ওচৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in