পত্নী আৰু প্ৰেমিকে মিলি হত্যা কৰিলে স্বামীক...

পত্নী আৰু প্ৰেমিকে মিলি হত্যা কৰিলে স্বামীক...
Published on
Updated on

ডিজিটেল ডেস্কঃ মৰিয়নীত পৰকীয়া প্রেমৰ ভয়ংকৰ পৰিণতি। স্বাধীনতা দিৱসৰ দিনাই সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। অভিযোগ অনুসৰি পত্নী আৰু প্রেমিকে মিলি হত্যা কৰিলে নিজ স্বামীক।

অভিযোগ অনুসৰি ডিঙি চেপি হত্যা স্বামী বাবুল চেতিয়া। পৰকীয়া প্রেমিক প্রাণজিৎ নামৰ লোকজনৰ বিৰুদ্ধেও উত্থাপন হৈছে হত্যাৰ অভিযোগ।

ঘটনাৰ বিৱৰণী অনুসৰি অভিযুক্ত মহিলাগৰাকীৰ কেইবাদিনো ধৰি প্রাণজিৎ নামৰ লোকজনৰ সৈতে অবৈধ সম্পৰ্ক আছিল। এই সন্দৰ্ভত কেইবাদিনো গাঁৱৰ মানুহে আৰক্ষীক অৱগত কৰাইছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

প্রাণজিৎ নামৰ যুৱকজনৰ প্ৰায়ে আহ-যহ চলিছিল বাবুল চেতিয়াৰ ঘৰলৈ। কালিও আহিছিল যুৱকজন আৰু তেতিয়াই বাবুলক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

পত্নী আৰু প্ৰেমিকে মিলি হত্যা কৰিলে স্বামীক...
মহানগৰীত চাঞ্চল্যঃ ৰাজপথতে স্বামীয়ে হানি-খুচি হত্যা কৰিলে পত্নীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in