ডিজিটেল সংবাদ, বোকাখাত: বৃহত্তৰ নুমলীগড় অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বৃহস্পতিবাৰে নুমালীগড় সমীপৰ কাৰ্বি আংলং জিলাৰ তেৰাং গাঁৱত বন্যহস্তীৰ আক্ৰমণত চাহ বাগিচাত কৰ্মৰত এগৰাকী মহিলাৰ মৃত্যু হয়।
জানিব পৰা মতে চাহ বাগিচাত পাত তুলি থকা অৱস্থাত এটা হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰে কাডো টিচুপি নামৰ মহিলা গৰাকীক। মহিলা গৰাকীক ততাতোয়াকৈ নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয় মহিলাগৰাকীৰ।
উল্লেখযোগ্য যে, নুমালীগড় সমীপৰ দেইথৰ অঞ্চলৰ তেৰাং গাওঁত দিনে নিশাই পোৱালীসহ এটা বৃহৎ হাতীৰ জাকে অৱস্থান কৰি আছে । কিন্তু দেইথৰ উপ খণ্ড বন বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভোযোগ উত্থাপন কৰিছে স্থানীয় জনসাধাৰণে।