NRLৰ নগৰাঞ্চলত বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু

NRLৰ নগৰাঞ্চলত বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু
Published on
Updated on

ডিজিটেল সংবাদ,নুমলীগড় : নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ হঠকাৰিতাৰ ফলতে শুকুৰবাৰে আন এটা বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱায় ৷ এনআৰএলৰ নগৰাঞ্চলৰ পখিলা উদ্যানত বিদ্যুত পৰিবাহী তাঁৰত লাগি মৃত্যু হয় প্ৰাপ্তবয়স্ক হাতীটোৰ ৷

লক্ষ্যণীয়ভাৱে হাতীটোৰ মৃত্যুক কেন্দ্ৰ কৰি এক ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এন আৰ এলৰ পখিলা উদ্যানত মৃত্যু হোৱা হাতীটোক প্ৰথমে জেচিবিৰে খান্দি গোপনেই পুতি পেলাইছিল শোধনাগাৰ নগৰাঞ্চলৰ কৰ্তৃপক্ষই ৷

তাৰ পাছত বিয়লি এনআৰএলৰ মানৱ সম্পদ আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ বিষয়াসকলে সেই সম্পৰ্কে জানিব পাৰি ঘটনা সন্দৰ্ভত গোলাঘাটৰ বন বিভাগক অৱগত কৰে ৷ তথ্য লাভ কৰিয়েই গোলাঘাটৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়াই বন বিভাগৰ দল এটা লৈ এনআৰএলৰ নগৰাঞ্চলত উপস্থিত হয়গৈ ৷

ডিএফঅ’ ঠাকুৰীয়াই তাৎক্ষণিকভাৱে ঘটনাৰ অনুসন্ধান কৰে ৷ ঘটনাটো কিদৰে সংঘটিত হ’ল, তাৰো চিহ্ণ (scene) সৃষ্টি কৰি অনুসন্ধান কৰে বন বিভাগে ৷

কিন্তু সন্ধিয়া আন্ধাৰ হৈ অহাত আৰু ঘটনাটোৰ আৰু অধিক অনুসন্ধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ডিএফঅ’ ঠাকুৰীয়াই বনকৰ্মীক দায়িত্ব দি হাতীটো পুতি ৰখা অৱস্থাতে এৰি যায় ৷ শনিবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে আৰু অধিক তথ্য পোহৰলৈ আহিব ৷ ইফালে এনআৰএলে হাতীটো বন বিভাগকে ধৰি সকলো পক্ষকে অন্ধকাৰত ৰাখি সমাধিস্থ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে প্ৰকৃতিৰ কৰ্মীসকল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in