ডিজিটেল ডেস্ক : ২০২৫ বৰ্ষত আপোনাৰ সন্তানে বা আপোনাৰ কোনো আত্মীয়ই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নেকি ? যদি হ’ব, তেন্তে এই খবৰ আপোনাৰ পৰিয়ালৰ বাবে অতি গুৰুত্বপূৰ্ণ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিছে এক নিৰ্দেশনা।
এই নিৰ্দেশনা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ- ছাত্ৰীয়ে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি ২৩ অক্টোবৰ ২০২৪ৰ পৰা ১৪ নৱেম্বৰ ২০২৪ লৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ- ছাত্ৰীসকলে অনলাইন আবেদন কৰিব লাগিব।
এই অনলাইন আবেদন কৰিব পাৰিব- sebaregistration.org নামৰ প’ৰ্টেলটোত। পৰীক্ষাৰ বাবে ষ্টেট বেংকত চালান মাচুল দিয়া অন্তিম দিন ধাৰ্য কৰা হৈছে ১৮ নৱেম্বৰ। ছাত্ৰ- ছাত্ৰীসকলে অনলাইন প্ৰ-পত্ৰ পূৰণ কৰোতে কিবা সংশোধন বা শুধৰণি থাকিলে ৩০ নৱেম্বৰপৰ্যন্ত সেয়া কৰিব পাৰিব।
নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়ত ছাত্ৰ- ছাত্ৰীসকলে যি ইউজাৰ আই ডি আৰু পাচৱৰ্ড ব্যৱহাৰ কৰিছিল, মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত সেই ইউজাৰ আই ডি আৰু পাচৱৰ্ড ব্যৱহাৰ কৰিব লাগিব। কোনোবা ছাত্ৰ- ছাত্ৰীয়ে ইউজাৰ বা পাচৱৰ্ড পাহৰিলে শিক্ষা ব’ৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ সচিবগৰাকীৰ সৈতে যোগাযোগ কৰিব পাৰিব।
Also Read: অৱশেষত চূড়ান্ত হ’ল বিহালীত অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী : আবেলি আনুষ্ঠানিক ঘোষণা