ডিজিটেল সংবাদ,চাবুৱা : চাবুৱাৰ বাইপাছৰ কাষৰ পথাৰলৈ ভূঁই ৰুবলৈ গৈ উন্মুক্ত পুখুৰীত পৰি যুৱতীৰ অকাল মৃত্যু। ৰঙামাটি ১ নম্বৰ লাইনৰ যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ৰাইজক আতংকিত কৰি তুলিছে । ২১ বছৰীয়া যুৱতীগৰাকীৰ নাম প্ৰিয়া মাঝি।
স্থানীয় লোকৰ অভিযোগ যে, খৰালি কালত অঞ্চলটোৰ একাংশ লোকে জে চি বিৰে পথাৰত দ'-দ' পুখুৰী সদৃশ গাত খান্দি পথাৰসমূহক মৰণফাণ্ডলৈ পৰিণত কৰিছে। ফলত এনেধৰণৰ বিভিন্ন দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে।সম্প্ৰতি উক্ত যুৱতীগৰাকীৰ মৃত্যৰ পিচতে কৃষক ৰাইজ চিন্তিত হৈ পৰিছে ।
Also Read: বিশ্বনাথত ৩৩ সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতা