তেজপুৰত চাঞ্চল্য! ডাইনীৰ সন্দেহত পুত্ৰৰ সন্মুখতে জ্বলাই দিলে এগৰাকী মহিলাক

তেজপুৰত চাঞ্চল্য!  ডাইনীৰ সন্দেহত পুত্ৰৰ সন্মুখতে জ্বলাই দিলে এগৰাকী মহিলাক
Published on
Updated on

ডিজিটেল ডেস্কঃ তেজপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ডাইনী সন্দেহত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰিলে একাংশই। তেজপুৰৰ বাহবাৰী বৰচোনত দেওবাৰে সংঘটিত হৈছে এই ঘটনা।

কালি নিশা ৯ মান বজাত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি ডাইনীৰ সন্দেহত এগৰাকী ৪০ বছৰীয়া মহিলাক জ্বলাই দিলে একাংশই। আৰক্ষীয়ে জনোৱা অনুসৰি এই ঘটনাত ৬ জন জড়িত আছে আৰু বৰ্তমানলৈকে ৪ জনক আটক কৰিছে তেজপুৰ সদৰ আৰক্ষীয়ে।

নিহত মহিলা গৰাকীৰ নাম সংগীতা কাফি৷ ঘটনাত জড়িত থকাসকল ধীৰাজ বাগোৱাৰ, অজয় চাংকা, টিংকু মালদাৰ আৰু সুৰজ বাগোৱাৰ। এই লোকসকলে চোকা অস্ত্ৰৰে হত্যা কৰি মহিলাগৰাকীক কনমানি পুত্ৰৰ সন্মুখতে চোতালত জ্বলাই দিয়া বুলি অভিযোগ উত্থাপন হৈছে ৷ আনহাতে আন দুজন পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

তেজপুৰত চাঞ্চল্য!  ডাইনীৰ সন্দেহত পুত্ৰৰ সন্মুখতে জ্বলাই দিলে এগৰাকী মহিলাক
মৰিয়াই মৰিয়াই এজনক হত্যা, আটক অভিযুক্ত নয়নমনি ডেকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in