ডিজিটেল ডেস্ক: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(জিএমচিএইচ)ৰ মহিলা চিকিৎসক সকলে মহানগৰীৰ এটা বৃদ্ধাশ্ৰমৰ আৱাসী সকললৈ বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়ায়।
জিএমচিএইচৰ লেডী ডক্টৰ্ছ এছ'চিয়েশ্যন, সঞ্জীবানী সংঘই শনিবাৰে(৯, এপ্ৰিল) মহানগৰীস্থিত বামুণীমৈদাম অঞ্চলৰ গণ সাৰথি বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। এই স্বাস্থ্য শিবিৰত বিভিন্ন তেজ পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষা কৰা হয়।
স্বাস্থ্য পৰীক্ষা কৰা চিকিৎসকে এক বিবৃতিত কয় যে "ঔষধ বিতৰণৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা হয়। ব্লাড চুগাৰ আৰু হিমোগ্লোবিন পৰীক্ষাও কৰা হয়।উল্লেখ্য যে, প্ৰায় ২৫ গৰাকী আৱাসীৰ পৰীক্ষা সমূহ কৰা হয়।
বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ মাজত পিঠা-লাড়ু, কাপোৰ আদিও বিতৰণ কৰা হয়।
এই সংস্থাৰ সদস্য তথা চিকিৎসক অঞ্জনা ময়ী শইকীয়াই কয় যে অতি শীঘ্ৰেই বিনামূলীয়া চকু পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হব।
এই দলটোৰ নেতৃত্ব প্ৰদান কৰে চিকিৎসক পাৰুল দত্ত, মধুমিতা প্ৰিয়দৰ্শনী দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট চিকিৎসকে।
আৰু পঢ়ক: এন আৰ চি পুনঃনিৰীক্ষণৰ নামত বাৰাম্বাৰ হাৰশাস্তি নচলিব : এবিএমছু