মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্য্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় এগৰাকী নাৰীক...

মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্য্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় এগৰাকী নাৰীক...
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙা : আজি আন্তজাৰ্তিক নাৰী দিৱস ৷ মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্য্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় নাৰীক ৷ প্ৰকৃতাৰ্থত সীমাহীন গুণৰ অধিকাৰী বুলি কোৱা এগৰাকী নাৰীকে আমি পৰিচয় কৰাই দিৱ খুজিছো নাৰী দিৱসৰ বিশেষ দিনটোত। পেলনীয়া পলিথিনৰ পুনৰ ব্যৱহাৰেৰে পলিথিনৰ প্ৰদূষণ ৰোধ কৰা প্ৰচেষ্টা কাজিৰঙাৰ এগৰাকী উদ্যমী মহিলাৰ ৷ মহিলা সৱলীকৰণত বিশেষ ভূমিকা গ্ৰহন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা কাজিৰঙাৰ বচাগাঁৱৰ ৰূপজ্যোতি শইকীয়া গগৈ নামৰ উদ্যমী মহিলা গৰাকীৰ উদ্যোগত কাজিৰঙাত আৰম্ভ হৈছে পেলনীয়া পলিথিনৰে সামগ্ৰী নিৰ্মাণৰ এক আকৰ্ষণীয় প্ৰক্ৰিয়া ৷

য’ত পেলনীয়া পলিথিনে সূতাৰ লগত স্থান পাইছে তাঁতশালত ৷ এটা সময়ত মহিলাৰ হাতত শোভা পোৱা ওল গুঠা শলা,কুৰ্চালৈ বচা গাঁৱৰ একাংশ মহিলাই নিৰ্মাণ কৰি গৈছে পেলনীয়া পলিথিনৰ পৰা ঘৰ শুৱনি আটক ধুনীয়া সামগ্ৰী ৷ ৰূপজ্যোতিৰ এই পদক্ষেপত উপাৰ্জনৰ পথ বিচাৰি পাইছে কাজিৰঙাৰ একাংশ চহা মহিলাই ৷ আনহাত ওৱান মিলিয়ন অমেন নামৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা পেজত প্ৰকাশ পোৱা ৰূপজ্যোতিৰ এক লিখাৰ যোগেদি প্ৰশংসা বুতলিবলৈ সক্ষম হৈছে ৰূপজ্যোতি শইকীয়া গগৈ ৷ মোম্বাইত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সুবিধা পোৱা মহিলা গৰাকীয়ে চুবুৰীয়া ৰাজ্য অৰুণাচলতো কাম কৰাৰ সুবিধা লাভ কৰিছে ৷

মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্য্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় এগৰাকী নাৰীক...
নাৰী দিৱসত কৰ্ম সংস্কৃতিৰ আদৰ্শ হৈ উজ্বলিছে নাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in