ডিজিটেল সংবাদ, নগাঁও : আধুনিকতাৰ ধামখুমীয়াত পৰি গাঁও সমূহৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰিছে ব'হাগ বিহুত ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থৰ কুশল-মঙ্গল কামনা কৰা পৰম্পৰা । সম্প্ৰতি গাওঁসমূহত কদা-কাচিৎহে চোতালত বিহু মৰা দল দেখিবলৈ পোৱা যায় । সেই ক্ষেত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে টকৌবাৰী গাঁৱৰ মহিলাসকলে ।
অসমীয়া বিহু পৰম্পৰা ৰক্ষা কৰাৰ লগতে গাঁৱৰ ৰাজহুৱা নামঘৰ নিৰ্মাণ কৰাৰ মহান লক্ষেৰে জেং বিহু কৰিবলৈ ওলাই আহিল গাঁও খনৰ দুই শতাধিক মহিলা । গাঁও খনৰ সত্তৰ বছৰীয়া বৃদ্ধাৰ পৰা দহ-বাৰ বছৰীয়া কিশোৰী সকলো ওলাই আহিল বিহু কৰিবলৈ ।
ধনী-দুখীয়া নিৰ্বিশেষে গাঁও খনৰ প্ৰতিঘৰ লোকৰ ঘৰত জেং বিহু মাৰি বছৰটোৰ বাবে কুশল-মঙ্গল কামনা কৰি গৃহস্থক মূৰৰ চুলি ছিঙি আৰ্শীবাদ দিয়াৰ লগতে গাঁৱৰ ৰাজহুৱা নামঘৰটো মেৰামতি কৰাৰ বাবে সংগ্ৰহ কৰিছে ধন । বিহুৰ উচাহত কঁকাল ভাঙি নাছিলে সত্তৰ বছৰীয়া বৃদ্ধাইও । গাঁওখনৰ মহিলাসকলৰ এই পদক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে ।
Also Read: শিমেলিবাৰীত পৰকীয়া প্ৰেমৰ বিষম পৰিণতি : মৃত অৱস্থাত উদ্ধাৰ হোৱা মহিলাৰ হত্যাকাৰীক আটক