নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্ৰমিক ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ

নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্ৰমিক ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় শোধনাগাৰৰ বিতৰ্কিত ঠিকা প্ৰতিষ্ঠান মেচাৰ্ছ ফকৰুদ্দিন আহমেদ নামৰ কোম্পানীৰ যেন বিতৰ্কই লগ নেৰিব ৷ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে একাংশ শ্ৰমিক জাঙুৰ খাই উঠিছে।

জানিব পৰা মতে শোধনাগাৰৰ মেইনটেনেন্স ঠিকাৰ ম্যাদ শেষ হোৱাৰ পিচত উক্ত ঠিকা প্ৰতিষ্ঠানটোৰ অধীনত কাম কৰা ঠিকা শ্ৰমিকক ২ মাহৰ দৰমহা আৰু অনান্য প্ৰাপ্য আদায় নিদিয়াত জাঙুৰ খাই উঠিছে নুমলীগড় শোধনাগাৰ মজদুৰ ইউনিয়ন ৷

উক্ত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে শীঘ্ৰেই এন আৰ এল কৰ্তৃপক্ষক ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে শ্ৰমিক ইউনিয়নে ৷ অন্যথা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ৷

নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্ৰমিক ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ
নাগালেণ্ডৰ মন জিলাৰ টিজিত দুই বিদ্ৰোহী সংগঠনৰ মাজত সংঘাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in