দিলীপ বৰাৰ ‘যাত্ৰা’ উপন্যাসৰ আধাৰত ‘প্ৰস্তাৱনা’ ছবিৰ কৰ্মশালা সমাপ্ত...

তপন দাস অভিনীত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ
 দিলীপ বৰাৰ ‘যাত্ৰা’ উপন্যাসৰ আধাৰত  ‘প্ৰস্তাৱনা’ ছবিৰ কৰ্মশালা সমাপ্ত...
দিলীপ বৰাৰ ‘যাত্ৰা’ উপন্যাসৰ আধাৰত ‘প্ৰস্তাৱনা’ ছবিৰ কৰ্মশালা সমাপ্ত...
Published on
Updated on

ডিজিটেল ডেস্কঃ গণতন্ত্ৰৰ প্ৰকৃত মূলাধাৰৰ সন্ধান আৰু ইন্ধন বিষয়ক কাহিনীৰ ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ দিলীপ বৰাৰ এখন বিশেষ উপন্যাস ‘যাত্ৰা’৷ দেশৰ শিক্ষা ব্যৱস্থাত ৰাজনীতিৰ চিলনীয়ে কঢ়িয়াই অনা বিভীষিকাৰ আপোচবিহীন চিত্ৰায়ন এই উপন্যাস৷

ছাত্ৰ সমাজ, অসমৰ জাতি-ভূমিপুত্ৰৰ বিৰল আধাৰ, সামাজিক প্ৰেক্ষাপটত ব্যক্তিমুখী সংঘাত আদিৰ যি বৰ্ণনা ‘যাত্ৰা’ত কৰা হৈছে তাৰেই অন্য এক ৰূপ প্ৰতিষ্ঠাৰ মানসেৰে গুৱাহাটীৰ জে ডি এণ্ড কে পি প্ৰডাকচনে নিৰ্মাণ কৰিবলৈ লৈছে অসমীয়া ছবি ‘প্ৰস্তাৱনা the preamble’৷

ছবিখনৰ পৰিচালনা দিলীপ বৰা আৰু মাণিক ৰয়ৰ৷ চিত্ৰনাট্য দিলীপ বৰাৰ৷ অসমৰ নাট্য জগতৰ সৰৱ আৰু প্ৰতিভাধৰ ব্যক্তিত্ব মাণিক ৰয়ে ছবিখনৰ চিত্ৰগ্ৰহণৰ পূৰ্বে প্ৰায় দহ দিনৰ এটি কৰ্মশালা ইতিমধ্যে সমাপণ কৰিছে৷

অহা ১৫ আগষ্টৰ পৰা ধুবুৰী, গোৱালপাৰা, মিৰ্জা ইত্যাদি লোকেশ্বনত চিত্ৰগ্ৰহণ হ’বলগীয়া এই ছবিখনৰ বিশদ আৰু অতি পৰিশ্ৰমী এই কৰ্মশালাৰ বিষয়ে পৰিচালক মাণিক ৰয় আৰু দিলীপ বৰাই এইদৰে কৈছে– “ছবি এখন নিৰ্মাণ কৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটোত সাধাৰণতে প্ৰতিগৰাকী শিল্পী নতুবা কাৰিকৰী কলা-কুশলীয়ে একগোট হৈ কাম কৰাৰ সকাহ নাথাকে৷ পৰিচালকৰ নিয়ন্ত্ৰণত এটা এটা ইউনিট বা দৃশ্য অনুযায়ী তেওঁলোকে কাম কৰে৷ তেনেক্ষেত্ৰত সামগ্ৰিক দলীয় ভিত্তি এটা গঢ়ি লোৱাৰ মানসেৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ ছবিখনৰ উদ্দেশ্য আৰু বক্তব্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো এই কৰ্মশালা অতীৱ কাৰ্যকৰী৷”

ছবিখনৰ মুখ্য ভূমিকাত দেখা যাব যশস্বী গল্পকাৰ, অভিনেতা তপন দাসক৷ নৱাগতা অভিনেত্ৰী পাৰ্ভি বৰুৱা ছবিখনৰ নায়িকা হিচাপে অভিনয় কৰিব৷ হিল্লোল কুমাৰ পাঠক, অশ্বিনী ভূঞা, অন্তৰা চৌধুৰী, কৌশিক নাথ, কল্পনা বৰুৱা, ৰশ্মিৰেখা শৰ্মা, মুকুট নাথ আদি প্ৰবীণ-নবীন অভিনয় শিল্পীৰ সৈতে প্ৰযোজনাৰ প্ৰতিটো বিভাগৰ কলা-কুশলীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে৷ দহদিনীয়া কৰ্মশালাৰ অন্তত এতিয়া সমূহ ইউনিট সাজু হৈছে ধুবুৰীত আৰম্ভ হ’বলগীয়া চিত্ৰগ্ৰহণৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত দিবা-নিশা চলিব ছবিখনৰ এক বিশেষ অংশৰ চিত্ৰগ্ৰহণ৷

 দিলীপ বৰাৰ ‘যাত্ৰা’ উপন্যাসৰ আধাৰত  ‘প্ৰস্তাৱনা’ ছবিৰ কৰ্মশালা সমাপ্ত...
তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষাৰ ফলাফল ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in