ডিজিটেল সংবাদ চৰাইদেউঃ আজিৰে পৰা চৰাইদেউ মৈদামথলীত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ উদযাপন কৰা হৈছে ৷ অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তর্গত অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তর্পণ সমিতি, চৰাইদেউৰ সহযোগত অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰ পুৱা বালি মৈদামৰ পৰা চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্রলৈ এক ঐতিহ্য যাত্রা বাহিৰ কৰা হয় য’ত বিদ্যালয় ছাত্ৰ, ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
ইয়াৰ পাছত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্রত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দীপিৰেখা কুলিয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ পাছত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচি মহন্তই নিৰ্দিষ্ট বক্তা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰঞ্জন শর্মাই বিশিষ্ট অতিথি হিচাপে বক্তব্য আগবঢ়ায়।
অনুষ্ঠানটোত শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুস গার্গ আৰু চৰাইদেউ জিলাৰ আয়ুক্ত নেহা যাদৱে আমন্ত্ৰিত অতিথি, সোণাৰি সমষ্টিৰ বিধায়ক ধর্মেশ্বৰ কোঁৱৰে মুখ্য অতিথি আৰু অসম ৰাজ্যিক পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷